মুখ্যপৃষ্ঠা » খবৰ

» Corona

»Corona: ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত‍্য শিল্পীয়ে বিক্ৰী কৰিছে শাক-পাচলি।কোৰোণা সৃষ্ট পৰিস্থিতিত ৰঙিয়াৰ শিল্পীৰ জীৱন সংগ্ৰাম।

Corona: ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত‍্য শিল্পীয়ে বিক্ৰী কৰিছে শাক-পাচলি।কোৰোণা সৃষ্ট পৰিস্থিতিত ৰঙিয়াৰ শিল্পীৰ জীৱন সংগ্ৰাম।

News18 Assam | News18-Assam
Updated:June 13, 2021, 10:24 AM IST
Corona: ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত‍্য শিল্পীয়ে বিক্ৰী কৰিছে শাক-পাচলি।কোৰোণা সৃষ্ট পৰিস্থিতিত ৰঙিয়াৰ শিল্পীৰ জীৱন সংগ্ৰাম।
বিভিন্ন টিভি ছিৰিয়েলত অভিনয় কৰাৰ লগতে বহুতো গীতৰ ভিডিঅ'ত নৃত্য পৰিচালনা কৰিছিল মোহন কলিতাই।

বিভিন্ন টিভি ছিৰিয়েলত অভিনয় কৰাৰ লগতে বহুতো গীতৰ ভিডিঅ'ত নৃত্য পৰিচালনা কৰিছিল মোহন কলিতাই।

  • Share this:
কোভিড সৃষ্ট পৰিস্থিতিৰ বাবে বহুলোকে জীৱিকাৰ হেৰুৱাই সৰ্বস্বান্ত হৈছে । তাৰ মাজতে একাংশই হাৰ মনা নাই পৰিস্থিতিৰ ওচৰত।তেনে এগৰাকী ব‍্যক্তি হৈছে ৰঙিয়াৰ মোহন কলিতা ।পৰিস্থিতিৰ ওচৰত হাৰ নামানি মোহনে আৰম্ভ কৰিছে পাচলিৰ ব‍্যৱসায় । কোৰোণা অহাৰ আগতে মোহন এগৰাকী অভিনেতা তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত‍্য শিল্পী আছিল।বিভিন্ন টিভি ছিৰিয়েলত অভিনয় কৰাৰ লগতে বহুতো গীতৰ ভিডিঅ'ত নৃত্য পৰিচালনা কৰিছিল মোহন কলিতাই।মোহনৰ আছিল এখন নিজা নৃত্য প্ৰশিক্ষণ বিদ্যালয়ও ।

কোৰোণা সৃষ্ট পৰিস্থিতিৰ ফলত সকলো বন্ধ হৈ পৰে ।উপায় বিহীন হৈ ঘৰতে থাকিবলৈ বাধ্য হয় মোহন।কিন্তু এনেয়ে হাত সাবটি বহি নাথাকি প্ৰথমে মোহনে ঘৰতে আৰম্ভ কৰিছিল এখন ছাগলী ফাৰ্ম । সুন্দৰ ভাবে চলি থকা ব‍্যৱসায় পুনৰ বন্ধ হ'ল বগৰীবাৰীৰ মথাউৰি ছিঙাৰ লগে লগে । বানপানীৰ বাবে বেছিভাগ ছাগলীয়েই অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে ।

কিন্তু পৰিস্থিতিৰ ওচৰত হাৰ নামানি মোহনে এইবাৰ আৰম্ভ কৰিছে পাচলিৰ ব‍্যৱসায় । এই ক্ষেতত্ৰত বন্ধু বৰ্গইও কিছু সহায় কৰিছে মোহনক। পুৰণি বাইক এখনত লগাই লৈছে এখন ঠেলা । এতিয়া মোহনে ঘৰে ঘৰে গৈ পাচলি আৰু পানী বিক্ৰী কৰে ।

অভাবে জুৰুলা কৰা মোহনৰ দৰে শিল্পী সকলৰ বাবে এক সময়োচিৎ পদক্ষেপ গ্ৰহণ কৰি সহায়ৰ হাত আগবঢ়াবলৈ চৰকাৰ তথা সাংস্কৃতিক বিভাগলৈ অনুৰোধ জনাইছে ৰঙিয়াৰ শিল্পী মোহন কলিতাই ।
Published by: Manjumoni Borah
First published: June 13, 2021, 10:24 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি