‘ৰাহুল গান্ধীয়ে ১২ ফেব্ৰুৱাৰীতে কেন্দ্ৰীয় চৰকাৰক দিছিল এই দুৰ্যোগৰ আগজাননী’

News18 Assam | News18-Assam
Updated:March 24, 2020, 3:46 PM IST
‘ৰাহুল গান্ধীয়ে ১২ ফেব্ৰুৱাৰীতে কেন্দ্ৰীয় চৰকাৰক দিছিল এই দুৰ্যোগৰ আগজাননী’
অসম কংগ্ৰেছৰ সভাপতিজনে সকলোকে ঐক্যবদ্ধ হৈ নতুন কোৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ আহ্বান জনায়

অসম কংগ্ৰেছৰ সভাপতিজনে সকলোকে ঐক্যবদ্ধ হৈ নতুন কোৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ আহ্বান জনায়

  • Share this:
কোৰোণা ভাইৰাছ সন্দৰ্ভত অসম চৰকাৰে লোৱা পদক্ষেপৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আজি নতুন দিল্লীত সংবাদ মেল  সম্বোধন কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই। প্ৰথমবাৰৰ বাবে ফেচবুকৰ যোগেদি সাংবাদিকক সম্বোধন কৰিলে বৰাই। সংবাদ মেলত ৰিপুণ বৰাই কয় – ‘কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ১২ ফেব্ৰুৱাৰীতে কেন্দ্ৰীয় চৰকাৰক এই দুৰ্যোগৰ আগজাননী দিছিল। পুনৰ ১২ মার্চত সোঁৱৰাই দিছিল কেন্দ্ৰক।’

অসম কংগ্ৰেছৰ সভাপতিজনে সকলোকে ঐক্যবদ্ধ হৈ নতুন কোৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ আহ্বান জনায়। অসম কংগ্ৰেছে অসম চৰকাৰৰ তলা বন্ধ নীতিক পূৰ্ণ সমৰ্থন আগবঢ়াইছে বুলিও মন্তব্য কৰে বৰাই। কিন্তু এই সময়ত অতিকৈ প্ৰভাৱিত হ’ব দিন হাজিৰা কৰা লোক আৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ নিম্নবৰ্গৰ কৰ্মচাৰীৰসকল। সেয়ে বৰাই দিন হাজিৰা কৰা লোকসকলক বিনামূলীয়া ৰেচন আৰু নিম্নবৰ্গৰ কৰ্মচাৰীসকলৰ কাৰণে বিশেষ অৰ্থনৈতিক পেকেজ প্ৰদানৰ দাবী জনায়।

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীয়ে কামলৈ যাব নোৱাৰিলে তেওঁলোকৰ দৰমহা বা চাকৰি কৰ্তনৰ দিশত এখন আইন বা এক বাধ্যতামূলক নির্দেশ থাকিব লাগে। ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বেংক লোণৰ মাহেকীয়া কিস্তি পৰিশোধত চৰকাৰী নিৰ্দেশৰ যোগেদি ৰেহাই প্ৰদান কৰা হওক। গোটৰ মিটিংবোৰ সাময়িকভাৱে বন্ধ হওক। সংবাদমেলত এই দাবী প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ।

কোৰোণাৰ পৰা পৰিত্ৰাণৰ যুজঁখনৰ লগতে চৰকাৰে অৰ্থনৈতিক মন্দাৱস্থা প্ৰতিহত কৰিবলৈ পদক্ষেপ লোৱাৰে দাবী তোলে ৰিপুণ বৰাই। লগতে কোৰোণাৰ সৈতে অহৰহ যুঁজি থকা চিকিৎসা কৰ্মী, সংবাদ কৰ্মী, পুলিচ, অৰ্ধ–সামৰিক বাহিনী আৰু চৰকাৰী বিষয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰে বৰাই।
আৰু চাওক
পৰৱৰ্তী বাতৰি