২১৬ দিন ধৰি কোৰোণাত আক্ৰান্ত এগৰাকী HIV ৰোগী, কোভিড ভাইৰাছে চৰিত্ৰ সলাইছিল ৩২ বাৰলৈ

News18 Assam | News18-Assam
Updated:June 8, 2021, 8:52 PM IST
২১৬ দিন ধৰি কোৰোণাত আক্ৰান্ত এগৰাকী HIV ৰোগী, কোভিড ভাইৰাছে চৰিত্ৰ সলাইছিল ৩২ বাৰলৈ
২০০৬ চনত এইডচত আক্ৰান্ত হোৱা মহিলাগৰাকীয়ে ২০২০ৰ ছেপ্টেম্বৰত কোভিড প'জিটিভ হয়।

২০০৬ চনত এইডচত আক্ৰান্ত হোৱা মহিলাগৰাকীয়ে ২০২০ৰ ছেপ্টেম্বৰত কোভিড প'জিটিভ হয়।

  • Share this:

কোৰোণা ভাইৰাছৰ ত্ৰাসৰ মাজতে আছে এটা উদ্বেগজনক খবৰ। medRxiv নামৰ এখন মেডিকেল জাৰ্নেলত যোৱা বৃহস্পতিবাৰে প্ৰকাশিত প্ৰতিবেদন মতে, আফ্ৰিকাৰ এগৰাকী ৩৬ বছৰীয়া এইচ আই ভি আক্ৰান্ত মহিলাৰ দেহত কোৰোণা ভাইৰাছে ২১৬ দিনলৈ অস্তিত্ব বৰ্তাই ৰাখিছিল আৰু আশংকাজনক খবৰটো আছিল এই ভাইৰাছে ৩০ বাৰতকৈ অধিক নিজৰ অস্তিত্ব সলনি বা মিউটেচন কৰিছিল। প্ৰতিবেদনখনত প্ৰকাশ পোৱা বাতৰিটোৱে স্বাভাৱিকতে গৱেষককো উদ্বিগ্ন কৰাৰ অৱকাশ আছিল। কিয়নো কোৰোণা ভাইৰাছে এগৰাকী ৰোগীৰ দেহত ৩০ বাৰলৈ নিজৰ চৰিত্ৰ সলনি কৰাটোৱে ভৱিষ্যতৰ বাবে আশংকাৰ আগজাননী হ'ব পাৰে।


দক্ষিণ আফ্ৰিকাৰ ৰোগীগৰাকীৰ নাম এইপৰ্যন্ত প্ৰকাশ কৰা হোৱা নাই যদিও তেওঁ ২০০৬ চনত এইডচত আক্ৰান্ত হৈছিল আৰু ২০২০ৰ ছেপ্টেম্বৰত তেওঁৰ দেহত কোৰোণা ধৰা পৰে। আন সাধাৰণ মানুহতকৈ এইডছ ৰোগী কোৰোণাত আক্ৰান্ত হ'লে মৃত্যুৰ আশংকা ২.৭৫ গুণ অধিক হয় যদিও সৌভাগ্যক্ৰমে আফ্ৰিকাৰ এই ৰোগীগৰাকী মৃত্যুৰ পৰা বাচি আহে। প্ৰতিবেদনখনত প্ৰকাশ পোৱা মতে, মাৰাত্মক ভাইৰাছে ৰোগীগৰাকীৰ শৰীৰত মুঠ ১৩বাৰ স্পাইক প্ৰটিন মিউটেচন কৰে আৰু ইয়াৰ লগতে আন ১৯ প্ৰকাৰৰ জিনগত পৰিৱৰ্তন ঘটিছিল ভাইৰাছৰ। অৰ্থাৎ সকলো মিলি ভাইৰাছবিধৰ ৩০বাৰতকৈ অধিক মিউটেচন ঘটিছিল।


আফ্ৰিকা আৰু ইউ কে ষ্ট্ৰেইনৰ কোৰোণা ভাইৰাছে আক্ৰান্ত কৰা  উক্ত এইচ আই ভি ৰোগীগৰাকীৰ পৰা আন লোকলৈ ভাইৰাছ সংক্ৰমিত হৈছে নে নাই সেয়া জানিব পৰা নাই।কিন্তু বিশেষজ্ঞই আশংকা প্ৰকাশ কৰিছে যে এইচ আই ভিত আক্ৰান্ত ৰোগী কোৰোণাত আক্ৰান্ত হ'লে ই কল্পনাতীতভাৱে কোৰোণাৰ অলেখ ভিন্ন ষ্ট্ৰেইনৰ সৃষ্টি কৰিব পাৰে। অৱশ্যে গৱেষকসকলে বৰ্তমান এই ঘটনাক লৈ কোৰোণাৰ মিউটেচন সম্পৰ্কে নানা তথ্যৰ সম্ভেদ উলিওৱাত ব্যস্ত আছে।

Published by: Gautam Barman
First published: June 8, 2021, 6:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি