মুখ্যপৃষ্ঠা »খবৰ »Corona »ক’ৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ নেকি? বিগ বিৰ হাতত কিহৰ ষ্টাম্প?

ক’ৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ নেকি? বিগ বিৰ হাতত কিহৰ ষ্টাম্প?

ক’ৰোণা ভাইৰাছৰ সন্দেহত আইচ’লেছনত ৰাখিলে হাতত লগাই দিয়া ষ্টাম্পৰ ফটো শ্বেয়াৰ কৰিলে বিগ বি অমিতাভ বচ্চনে।

  • Share this:
ক’ৰোণা ভাইৰাছ এতিয়া ভাৰতৰ বাবেও চিন্তাৰ কাৰণ হৈ পৰিছে। এতিয়ালৈকে দেশৰ ১৪৭ জন লোকৰ দেহত ধৰা পৰিছে ক’ৰোণা ভাইৰাছৰ অৱস্থিতি। বলীউদৰ বহু তাৰকাই ক’ৰোণা ভাইৰাছৰ পৰা বাছি থাকিবলৈ দিছে বিভিন্ন পৰামৰ্শ। কিন্তু সেইসময়তে বলিউদৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ এখন বিশেষ ফটোৱে তোলপাৰ লগাইছে ছচিয়েল মিডিয়াত।

অভিনেতাগৰাকীয়ে নিজৰ অনুৰাগীসকলক দিছে বিশেষ পৰামৰ্শ। জানিব পৰা মতে, অমিতাভ বচ্চনে নিজকে ঘৰত আইছ’লেট কৰিছে, যা’তে ক’ৰোণা ভাইৰাছ সংক্ৰমিত হোৱাৰ পৰা ৰক্ষা পৰিব পাৰে। লগতে অমিতাভ বচ্চনে নিজৰ টুইটাৰ একাউণ্টত হাতত ‘Home Quarantine Stamp’ ষ্টাম্প লগোৱা এখন ফটো শ্বেয়াৰ কৰিছে।

ফটো খন শ্বেয়াৰ কৰি অমিতাভ বচ্চনে লিখিছে, ‘সুৰক্ষিত থাকক,সজাগ হওক, যদি সংক্ৰমণ হৈছে, তেন্তে বেলেগ কৈ থাকক।’

শেহতীয়া বাতৰি