• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • Corona Medicine : ডোনাল্ড ট্ৰাম্পে লোৱা ঔষধ ল'লে কোৰোণাত আক্ৰান্ত বিধায়ক প্ৰদীপ হাজৰিকাই। দুখীয়া লোকেও পাইছে এই দৰৱ : মুখ্যমন্ত্ৰী

Corona Medicine : ডোনাল্ড ট্ৰাম্পে লোৱা ঔষধ ল'লে কোৰোণাত আক্ৰান্ত বিধায়ক প্ৰদীপ হাজৰিকাই। দুখীয়া লোকেও পাইছে এই দৰৱ : মুখ্যমন্ত্ৰী

কোৰোণাৰ ঔষধ এণ্টীবডী ককটেইল ল'লে প্ৰদীপ হাজৰিকাই।

কোৰোণাৰ ঔষধ এণ্টীবডী ককটেইল ল'লে প্ৰদীপ হাজৰিকাই।

কোৰোণাৰ ঔষধ এণ্টীবডী ককটেইল ল'লে প্ৰদীপ হাজৰিকাই।

  • Share this:
এবিধ ঔষধ লৈ তিনি দিনতে কোভিডৰ পৰা আৰোগ্য লাভ কৰিছিল আমেৰিকাৰ পূৰ্বৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ৷ ঔষধ বিধ আছিল এণ্টীবডী ককটেইল (Antibody Cocktail) ৷

ডোনাল্ড ট্ৰাম্পে ব্যৱহাৰ কৰা সেই দামী ঔষধ বিধ শুকুৰবাৰে গ্ৰহণ কৰে আমগুৰি সমষ্টিৰ AGPৰ বিধায়ক প্ৰদীপ হাজৰিকাই ৷ শনিবাৰে এই কথা সদৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ক'লে- “ডোনাল্ড ট্ৰাম্পে ব্যৱহাৰ কৰা ঔষধ আমাৰ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই গ্ৰহণ কৰিছে ৷ এই ঔষধ দৰিদ্ৰ লোকেও পাইছে ৷ প্ৰদীপ হাজৰিকাই শুকুৰবাৰে GMCHত লৈছে সেইবিধ ঔষধ ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাও ভৰ্তি হৈছে GMCHত ৷”
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি