আমেৰিকাৰ পৰ্যটকৰ দেহত ক’ৰোণা ভাইৰাছৰ অৱস্থিতি। ক’ৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ লাভ কৰাৰ পিছতে অসমত এতিয়া ক’ৰোণা ভাইৰাছৰ আতংক। কাৰণ অসমত এসপ্তাহ কটাই ভূটানলৈ গৈছিল ক’ৰোণা ভাইৰাছত আক্ৰান্ত আমেৰিকাৰ পৰ্যটকজন।
২২ ফেব্ৰুৱাৰীৰ পুৱা ইণ্ডিগ’ ফ্লাইটেৰে কলিকতাৰ পৰা যোৰহাটলৈ গৈছিল মাৰ্কিন পৰ্যটকজন। সেইদিনা যোৰহাটৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি তিতাবৰৰ জালুকনিবাৰীস্থিত ঠেঙাল মেনৰ নামৰ ৰিজৰ্টখনত নিশা কটাইছিল।
২৩ ফেব্ৰুৱাৰীত তেওঁ বাকী পৰ্যটকসকলৰ সৈতে এম ভি মহাবাহু ব্ৰহ্মপুত্ৰ নামৰ পৰ্যটন বিভাগৰ জাহাজখনেৰে গুৱাহাটীলৈ গৈছিল। ব্ৰহ্মপুত্ৰৰ বুকুত ৭টা নিশা কটাইছিল আমেৰিকান পৰ্যটকজনে।
১ মাৰ্চত গুৱাহাটীত উপস্থিত হৈ ৰেডিচন ব্লু হোটেলত বান্ধৱীৰ সৈতে নিশা কটাইছিল মাৰ্কিন পৰ্যটকজনে।
২ মাৰ্চত ড্ৰুক এয়াৰৰ বিমানেৰে গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ পৰা হেৱিটে বান্ধৱীৰ সৈতে উৰা মাৰিছিল পাৰ’লৈ।
ভূটানত যেতিয়া পৰ্যটকজনৰ দেহত ক’ৰোণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে, লগে লগে অসমতো আতংকময় পৰিবেশ সৃষ্টি হৈছে। লোকজন অসমৰ কোন কোন ঠাই ভ্ৰমণ কৰিছিল, ক’ত আছিল আদি সকলো পৰ্যালোচনা কৰা হৈছে।
‘Adventure Resort and Cruises’ৰ চেয়াৰমেন সঞ্জয় বসুৱে কয় যে, ‘Cruiseখনত আছিল চাৰিজন আমেৰিকাৰ যাত্ৰী। ক’ৰোণাৰ অৱস্থিতি ধৰা পৰা হেৱিটৰ দেহত ব্ৰহ্মপুত্ৰৰ বুকুৰে যাত্ৰা কৰাৰ সময়ত কোনো ধৰণৰ লক্ষণ ধৰা পৰা নাছিল। চৰ্দি বা কাহ কোনো ৰোগতে আক্ৰান্ত নাছিল লোকজন।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|