News18 AssamNews18 Assam
|
News18-Assam Updated:March 28, 2020, 10:13 AM IST
Photo : The Nation
বিশ্বৰ প্ৰায় ৬৪ খন দেশলৈ আমেৰিকাই আগবঢ়াব আৰ্থিক সাহায্য
বৰ্তমান সমগ্ৰ বিশ্বতে ক’ৰোণা ভাইৰাছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। চীন আৰু ইটালীৰ পিছত এইবাৰ ফ্ৰান্স আৰু আমেৰিকাত ত্ৰাসৰ সৃষ্টি কৰিছে ক’ৰোণা ভাইৰাছে। ভাৰতবৰ্ষতো এতিয়া প্ৰতিদিনে বৃদ্ধি পাইছে ক’ৰোণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা। ক’ৰোণা ভাইৰাছৰ ফলত ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে বিশ্ব অৰ্থনীতি।
কিন্তু সেই সময়তে ক’ৰোণাৰ বিৰুদ্ধে যুঁজিবলৈ আমেৰিকাই ভাৰতলৈ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে। ভাৰতলৈ আমেৰিকাই আগবঢ়াব ২৯ লাখ ডলাৰ। অথ্যাৎ ২১ কোটি ৭৭ লাখ টকা।
অন্যান্য ৬৪খন দেশকো আমেৰিকাই কৰিব সহায়–জানিব পৰা মতে, ভাৰতৰ বাদেও ক’ৰোণাৰ বিৰুদ্ধে যুঁজিবলৈ আমেৰিকাই ক’ৰোণা ভাইৰাছত ক্ষতিৰ সনমুখীন হোৱা বিশ্বৰ প্ৰায় ৬৪ খন দেশলৈ আগবঢ়াব আৰ্থিক সাহায্য। প্ৰায় ১৩ আৰৱ টকাৰ সাহায্য আগবঢ়াব দেশখনে। এছিয়া মহাদেশৰে শ্ৰীলংকা, নেপাল, বাংলাদেশ, আফগানিস্তানলৈ সহায়ৰ হাত আগবঢ়াব আমেৰিকাই।