আমেৰিকাত এদিনতে ৮৬৫ জনৰ মৃত্যু! ট্ৰাম্পে ক’লে– যিকোনো পৰিস্থিতিৰ বাবে আমি সাজু

News18 Assam | News18-Assam
Updated:April 1, 2020, 12:26 PM IST
আমেৰিকাত এদিনতে ৮৬৫ জনৰ মৃত্যু! ট্ৰাম্পে ক’লে– যিকোনো পৰিস্থিতিৰ বাবে আমি সাজু
এই মুহূৰ্তত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে আমেৰিকা। এই পৰ্যন্ত আমেৰিকাত মৃত্যু হৈছে ৩ হাজাৰ ৮৬৭জন।

এই মুহূৰ্তত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে আমেৰিকা। এই পৰ্যন্ত আমেৰিকাত মৃত্যু হৈছে ৩ হাজাৰ ৮৬৭জন।

  • Share this:
বিশ্বজুৰি প্ৰত্যেকদিনাই বৃদ্ধি পাই আছে ন’ভেল ক’ৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা। এই পৰ্যন্ত বিশ্বৰ প্ৰায় ৮ লাখ ৫৬ হাজাৰ লোক ক’ৰোণা ভাইৰাছত আক্ৰান্ত হৈছে। সেইদৰে ক’ৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে প্ৰায় ৪২ হাজাৰ জনে। বৰ্তমান সময়ত চীন আৰু ইটালীৰ পিছত এতিয়া সৰ্বাধিক ক্ষতিৰ সন্মুখীন হৈছে আমেৰিকা। দেশখনত এই পৰ্যন্ত ক’ৰোণাত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিছে ৩ হাজাৰ ৮৬৭জন লোক। সেইদৰে আমেৰিকাত নতুনকৈ ২০ হাজাৰ মানুহৰ দেহত ধৰা পৰিছে ক’ৰোণা ভাইৰাছৰ অৱস্থিতি।

বিগত ২৪ ঘণ্টাত ইটালীত মৃত্যু ৮৩৭ জনে মৃত্যুবৰণ কৰিছে। আমেৰিকাত এদিনতে মৃত্যু হৈছে ৮৬৫ জনৰ। আমেৰিকাত ক’ৰোণাই সংহাৰী ৰূপ লোৱাৰ সময়তে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে, ‘যিকোনোধৰণৰ পৰিস্থিতিৰ বাবে আমি সাজু।
Published by: Himangshu Bhuyan
First published: April 1, 2020, 12:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি