দেশত ক্ৰমাৎ ভয়াৱহ ৰূপ লৈছে ক’ৰোণা ভাইৰাছে। আজি পৰ্যন্ত ৩৪১ জনৰ দেহত ধৰা পৰিছে ক’ৰোণা ভাইৰাছৰ অৱস্থিতি
দেশত ক্ৰমাৎ ভয়াৱহ ৰূপ লৈছে ক’ৰোণা ভাইৰাছে। আজি পৰ্যন্ত ৩৪১ জনৰ দেহত ধৰা পৰিছে ক’ৰোণা ভাইৰাছৰ অৱস্থিতি
দেশত ক্ৰমাৎ ভয়াৱহ ৰূপ লৈছে ক’ৰোণা ভাইৰাছে। আজি পৰ্যন্ত ৩৪১ জনৰ দেহত ধৰা পৰিছে ক’ৰোণা ভাইৰাছৰ অৱস্থিতি। ক’ৰোণা ভাইৰাছক প্ৰতিহত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে হাতত লৈছে বিভিন্ন পদক্ষেপ। আজি কোৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে জনতাৰ কাৰ্ফিউ। পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ প্ৰতিজন নাগৰিকক ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান জনোৱা হৈছে। মোদীৰ আহ্বানক সঁহাৰি জনাই দেশৰ জনতায়ো সহযোগিতা আগবঢ়াইছে জনতা কাৰ্ফিউ কাৰ্যসূচীলৈ।
এইবাৰ ৰে’ল বিভাগে গ্ৰহণ কৰিছে কঠোৰ সিদ্ধান্ত। দেশৰ ৰে’ল ষ্টেচনসমূহ জনশূণ্য কৰাৰ লক্ষ্যৰে অহা ৩১ মাৰ্চলৈকে দেশৰ সকলো যাত্ৰীবাহী ৰে’ল সেৱা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ৰে’ল বিভাগে। বৰ্তমান পথত আছে প্ৰায় ৪০০ ৰে’ল। সেইসমূহ ৰে’ল গন্তব্যস্থান পোৱাৰ পিছত নতুনকৈ কোনো ৰে’লৰ যাত্ৰা নহয়।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|