உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • coronavirus-latest-news
    • »
    • কোৰোণাৰ ত্ৰাস : ২৫ মাৰ্চলৈ দেশৰ সকলো ৰে’ল সেৱা বন্ধ

    কোৰোণাৰ ত্ৰাস : ২৫ মাৰ্চলৈ দেশৰ সকলো ৰে’ল সেৱা বন্ধ

    সকলো ষ্টেচন জনশূন্য কৰাৰো লক্ষ্য।

    সকলো ষ্টেচন জনশূন্য কৰাৰো লক্ষ্য।

    সকলো ষ্টেচন জনশূন্য কৰাৰো লক্ষ্য।

    • Share this:
    বিশ্বজুৰি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কোৰোণা ভাইৰাছে। আন আন দেশৰ লগতে ভাৰততো এই মহামাৰীক লৈ গ্ৰহণ কৰা হৈছে সতৰ্কতামূলক ব্যৱস্থা। আজি কোৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে জনতাৰ কাৰ্ফিউ। পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ প্ৰতিজন নাগৰিকক ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান জনোৱা হৈছে। মোদীৰ আহ্বানক সঁহাৰি জনাই দেশৰ জনতায়ো সহযোগিতা আগবঢ়াইছে জনতা কাৰ্ফিউ কাৰ্যসূচীলৈ।

    আনহাতে, এই ভাইৰাছ প্ৰতিৰোধৰ বাবে ৰে’ল বিভাগেও গ্ৰহণ কৰিছে কঠোৰ সিদ্ধান্ত। অহা ২৫ মাৰ্চলৈকে দেশৰ সকলো ৰে’ল সেৱা বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিভাগে। সকলো ষ্টেচন জনশূন্য কৰাৰো লক্ষ্য। বৰ্তমান পথত আছে প্ৰায় ৪০০ ৰে’ল। সেইসমূহ ৰে’ল গন্তব্যস্থান পোৱাৰ পিছত নতুনকৈ কোনো ৰে’লৰ যাত্ৰা নহয়।
    Published by:Sanjay Kumar Das
    First published: