কোৰোণাৰ ত্ৰাস, ছত্তীশগড়ত বন্ধ ঘোষণা কৰা হ’ল সকলো স্কুল–কলেজ

News18 Assam | News18-Assam
Updated:March 13, 2020, 10:50 AM IST
কোৰোণাৰ ত্ৰাস, ছত্তীশগড়ত বন্ধ ঘোষণা কৰা হ’ল সকলো স্কুল–কলেজ
বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ভূপেশ বেঘলে জৰুৰীকালীন বৈঠক অনুষ্ঠিত কৰি ৰাজ্যখনৰ কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ গ্ৰহণ কৰা ব্যৱস্থাৰ বুজ লয়।

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ভূপেশ বেঘলে জৰুৰীকালীন বৈঠক অনুষ্ঠিত কৰি ৰাজ্যখনৰ কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ গ্ৰহণ কৰা ব্যৱস্থাৰ বুজ লয়।

  • Share this:
বিশ্বত এতিয়া কেৱল কোৰোণা ভাইৰাছত ত্ৰাস। এই মাৰাত্মক ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ছত্তীশগড় চৰকাৰে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা। ৩১ মাৰ্চলৈ ৰাজ্য চৰকাৰে বন্ধ ঘোষণা কৰিছে স্কুল–কলেজসমূহ। পৰীক্ষা অনুষ্ঠিত হোৱা স্কুল–কলেজক বাদ দি বাকী স্কুল–কলেজসমূহ বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰা হৈছে।

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ভূপেশ বেঘলে জৰুৰীকালীন বৈঠক অনুষ্ঠিত কৰি ৰাজ্যখনৰ কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ গ্ৰহণ কৰা ব্যৱস্থাৰ বুজ লয়। স্বাস্থ্য বিভাগক এই ক্ষেত্ৰত নিয়মিতভাবে সমীক্ষা কৰাৰ লগতে নিজৰ ৰাখিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখযোগ্য যে, সকলো স্কুল–কলেজত পূৰ্ব নিৰ্ধাৰিত তাৰিখ অনুসৰি অনুষ্ঠিত হ’ব পৰীক্ষা। ৰাজ্যখনত বুধবাৰলৈকে ৪৪জন লোকৰ নমুনা পৰীক্ষা কৰা হয় যদিও কোনো লোকৰ দেহত ধৰা পৰা নাই কোৰোণা ভাইৰাছৰ অৱস্থিতি।
Published by: Sanjay Kumar Das
First published: March 13, 2020, 10:50 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading