বৰপেটাত অনিৰ্দিষ্ট কাললৈ সকলো ব্যৱসায়িক বাহনৰ চলাচল বন্ধ কৰিলে প্ৰশাসনে, বন্ধ দোকান–পোহাৰ

News18 Assam | News18-Assam
Updated:March 23, 2020, 10:34 AM IST
বৰপেটাত অনিৰ্দিষ্ট কাললৈ সকলো ব্যৱসায়িক বাহনৰ চলাচল বন্ধ কৰিলে প্ৰশাসনে, বন্ধ দোকান–পোহাৰ
জিলাখনৰ দোকান–পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, ৱৰ্কশ্বপ, কাৰখানা, গুদাম, ইটাভাটা আদিও বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে।

জিলাখনৰ দোকান–পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, ৱৰ্কশ্বপ, কাৰখানা, গুদাম, ইটাভাটা আদিও বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে।

  • Share this:
কোৰোণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বৰপেটা জিলা প্ৰশাসনে জাৰিছে কেতবোৰ নিষেধাজ্ঞা। জিলাখনত অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰা হৈছে বাণিজ্যিক বাহনৰ চলাচল। উপায়ুক্তৰ নিৰ্দেশমৰ্মে বাছ, উইংগাৰ, ট্ৰেভেলাৰ, টেক্সি, অটোৰিস্কা, ই-ৰিস্কা, যাত্ৰী কঢ়িওৱা সকলো সৰু যান–বাহনৰ চলাচল বন্ধ ৰখাৰ নিৰ্দেশ।

আনহাতে, জিলাখনৰ দোকান–পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, ৱৰ্কশ্বপ, কাৰখানা, গুদাম, ইটাভাটা আদিও বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে। জিলাখনত মাছ–মাংস, হাঁহ–কুকুৰাৰ দোকান-বজাৰো বন্ধ ৰখাৰ নিৰ্দেশ দিছে জিলা উপায়ুক্তই৷ পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা।

অৱশ্যে ব্যক্তিগত যান–বাহন, এম্বুলেঞ্চ, আৰক্ষী, সামৰিক বাহিনী আৰু পেৰা-মেলিটেৰী বাহিনীৰ লগতে খাদ্য সামগ্ৰী কঢ়িওৱা যান–বাহন, ডাক অনা নিয়া বাহন, সংবাদ মাধ্যমৰ গাড়ীৰ লগতে জৰুৰী সেৱাত নিয়োজিত গাড়ীৰ চলাচল অব্যাহত থাকিব।

একেদৰে অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত খাদ্য সামগ্ৰীৰ দোকান, ফাৰ্মাচী, পেট্ৰ'ল পাম্প, এলপিজি বিক্ৰী সেৱা কেন্দ্ৰসমূহ বন্ধৰ পৰা ৰেহাই দিয়া হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি