ভাৰতীয় ৰে'লে লিকুইড মেডিকেল অক্সিজেন (LMO) আৰু অক্সিজেন চিলিণ্ডাৰ কঢ়িয়াবলৈ বিশেষ অক্সিজেন এক্সপ্ৰেছ ৰে'ল (Oxygen Express Trains) চলোৱাৰ পৰিকল্পনা কৰিছে।
ভাৰতীয় ৰে'লে লিকুইড মেডিকেল অক্সিজেন (LMO) আৰু অক্সিজেন চিলিণ্ডাৰ কঢ়িয়াবলৈ বিশেষ অক্সিজেন এক্সপ্ৰেছ ৰে'ল (Oxygen Express Trains) চলোৱাৰ পৰিকল্পনা কৰিছে।
কোৰোণা ভাইৰাছৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশ জোকাৰি থকাৰ লগতে প্ৰতিদিনে দ্ৰুত হাৰত বৃদ্ধি পাইছে সংক্ৰমণৰ ঘটনা ৷ কোৰোণা ভাইৰাছৰ ঘটনা বৃদ্ধিৰ লগে লগে বহু ৰাজ্যই এতিয়া অক্সিজেনৰ অভাৱৰো সন্মুখীন হ’বলগীয়া হৈছে । ফলত এতিয়া ভাৰতীয় ৰে'ল কৰ্তৃপক্ষই অক্সিজেন এক্সপ্ৰেছ ৰে’ল (Oxygen Express Trains) চলোৱাৰ সিদ্ধান্ত হাতত লৈছে । এই ৰে’লসমূহৰ বাবে সেউজ কৰিডৰ নিৰ্মাণ কৰি থকা হৈছে ।
ৰে'ল মন্ত্ৰালয়ে এক বিবৃতিযোগে অক্সিজেন এক্সপ্ৰেছৰ সিদ্ধান্তৰ বিষয়ে জাৰি কৰিছে সকলো কথা । ৰে'লৱে কৰ্তৃপক্ষই জনায় যে কাৰিকৰী পৰীক্ষণৰ পিছত মহাৰাষ্ট্ৰৰ ৰে'ল ষ্টেচনৰ পৰা ভাইজাগ, জামছেদপুৰ, ৰাউৰকেলা, বোকাৰোলৈ খালী টেংকাৰ প্ৰেৰণ কৰা হ'ব । এই স্থানবোৰত লিকুইড মেডিকেল অক্সিজেন (LMO) টেংকাৰত ভৰোৱা হ'ব আৰু ইয়াৰ পিছত অক্সিজেন এক্সপ্ৰেছ ৰে’ল যোগে ইয়াক গন্তব্যস্থানলৈ লৈ যোৱা হ'ব । মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশ চৰকাৰৰ অনুৰোধৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰে'লৱে কৰ্তৃপক্ষই ।
আনহাতে, ৰে'লমন্ত্ৰী পীয়ুষ গোৱেলে জনায় যে দিল্লীৰ শকুৰবস্তি ষ্টেচনত ৮০০ খন বিচনাযুক্ত ৫০ টা কোভিদ-১৯ টা আইচলেচন ডবা সাজু হৈ আছে । একেদৰে, আনন্দ বিহাৰ ষ্টেচনতো কোৰোণা ৰোগীৰ বাবে ২৫ টা ডবা উপলব্ধ হ'ব । ৰাজ্যসমূহৰ চাহিদা অনুসৰি সমগ্ৰ দেশতে ৩ লাখতকৈও অধিক আইচলেচন বিচনা ব্যৱস্থা কৰিব পাৰিব বুলিও অৱগত কৰে ৰে'লৱে কৰ্তৃপক্ষই ৷
উল্লেখ্য যে, বিগত বছৰ মাত্ৰ কেইটামান দিনৰ বাবেহে ২০০ টা ডবাৰহে ব্যৱস্থা কৰিব পৰা গৈছিল । পূৱ উত্তৰ প্ৰদেশৰ মৌ, বিহাৰৰ ভাগলপুৰ, দিল্লীৰ শকুৰবস্তি আৰু আনন্দ বিহাৰৰ দৰে ষ্টেচনতহে এই ডবা মোতায়েন কৰা হৈছিল । লগতে কিছুমান ঠাইত ইয়াৰ ব্যৱহাৰ কৰা হৈছিল। যদিও সেই সময়ত অধিক কোভিদ ডবাৰ ব্যৱহাৰ কৰা হোৱা নাছিল ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|