মুখ্যপৃষ্ঠা » খবৰ

» Corona

»Covid Vaccine: প্ৰশংসনীয় ! চিকিৎসা কৰ্মীৰ দলে পাহাৰ বগাই বগাই দিলেগৈ ভেকচিন ! ৯ঘণ্টা পাহাৰ বগাই, উপনৈ সাঁতুৰি ভেকচিন প্ৰদান অৰুণাচলৰ এখন দুৰ্গম গাঁৱৰ ১৬গৰাকী লোকক...

Covid Vaccine: প্ৰশংসনীয় ! চিকিৎসা কৰ্মীৰ দলে পাহাৰ বগাই বগাই দিলেগৈ ভেকচিন ! ৯ঘণ্টা পাহাৰ বগাই, উপনৈ সাঁতুৰি ভেকচিন প্ৰদান অৰুণাচলৰ এখন দুৰ্গম গাঁৱৰ ১৬গৰাকী লোকক...

News18 Assam | News18-Assam
Updated:July 14, 2021, 4:08 PM IST
Covid Vaccine: প্ৰশংসনীয় ! চিকিৎসা কৰ্মীৰ দলে পাহাৰ বগাই বগাই দিলেগৈ ভেকচিন ! ৯ঘণ্টা পাহাৰ বগাই, উপনৈ সাঁতুৰি ভেকচিন প্ৰদান অৰুণাচলৰ এখন দুৰ্গম গাঁৱৰ ১৬গৰাকী লোকক...
Covid Vaccine: দুৰ্গম জংঘল অতিক্ৰম কৰি, পাহাৰ বগাই, উপনৈ সাঁতুৰি ৯ঘন্টাৰ অন্তত ভেকচিন প্ৰদানকাৰী পাইছিলগৈ সীমান্ত গাঁওখন।

Covid Vaccine: দুৰ্গম জংঘল অতিক্ৰম কৰি, পাহাৰ বগাই, উপনৈ সাঁতুৰি ৯ঘন্টাৰ অন্তত ভেকচিন প্ৰদানকাৰী পাইছিলগৈ সীমান্ত গাঁওখন।

  • Share this:
অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ লুগুথাং গাঁৱৰ ১৬গৰাকী নিবাসীক  Covid-19ৰ প্রতিষেধক প্ৰদান কৰা হ’ল । শুনিবলৈ অতি সাধাৰণ যেন লাগিলেও সহজ নাছিল এই প্ৰক্ৰিয়া । টাৱাং জিলাৰ উপায়ুক্ত চেং ফোনস্তকৰ নেতৃত্বত ৭জন লোকৰ এটা দলে ভেকচিনৰ টোপোলা লৈ ১১জুলাই তাৰিখে ৰাতিপুৱা ৭.১৫মিনিটত গাড়ী যাব পৰা অন্তিমটো স্থানৰ পৰা দুর্গম পাহাৰৰ মাজৰে আৰম্ভ কৰিছিল যাত্ৰা । দুৰ্গম জংঘল অতিক্ৰম কৰি, পাহাৰ বগাই, উপনৈ সাঁতুৰি ৯ঘন্টাৰ অন্তত তেওঁলোক পাইছিলগৈ সীমান্ত গাঁওখন । ৰাস্তাত বগালে দুটা অতি কঠিন শিখৰ – Nyukteng peak আৰু Nahchhot peak ।

এৰাতি কটাই গাঁৱৰ ১৬গৰাকী নিবাসীক ভেকচিন প্রদান কৰিলে দলটোৰ লগত যোৱা জিলা চিকিৎসা বিষয়াগৰাকীয়ে । লগত যোৱা পশু চিকিৎসক জনে সুযোগ গ্ৰহণ কৰি গাঁওৰ পশুধন সমূহ পৰীক্ষা কৰি বিনামূলীয়া ঔষধ বিতৰণ কৰে । জিলা চিকিৎসা বিষয়া গৰাকীয়ে গাঁওবাসীৰ স্বাস্থ্যৰ বুজ লৈ যাৱতীয় চিকিৎসা সেৱা আগবঢ়ায় । ১৯গৰাকী লোকে এই সুবিধা গ্ৰহণ কৰে ।



উল্লেখযোগ্য যে গাঁওখনৰ পৰা পাহাৰীয়া ৰাস্তাৰে ৫ঘণ্টা নিলগৰ Domstang নামৰ এক স্থানত ভেকচিন প্রদান শিবিৰ ১৯মে' তাৰিখে অনুষ্ঠিত কৰা হৈছিল । গাঁওখনৰ ৩৩জন ১৮বছৰৰ উৰ্ধৰ লোকে এই শিবিৰত প্ৰথম পালি ভেকচিন গ্ৰহণ কৰিলে কিন্তু থাকি গ’ল ১৬গৰাকী গাঁওবাসী । য়াক চৰাবলৈ যোৱাৰ কাৰণে তেওঁলোক উপস্থিত থাকিব নোৱাৰিলে শিবিৰত । উপায়ুক্ত গৰাকীয়ে জনোৱা মতে যদিও এই যাত্ৰা দুৰ্গম আছিল কিন্তু লাভ হৈছিল মানসিক প্ৰশান্তি । অৰুণাচলৰ বিষয়াৰ এনে কাৰ্যই এতিয়া সকলোৰে দৃষ্টি আকর্ষণ কৰিছে ।
Published by: Kokil Sarma
First published: July 14, 2021, 4:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি