আফগানিস্তানৰ কাবুলৰ গুৰুদ্বাৰাত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ, ২৫জনৰ মৃত্যু, আহত কেবাজনো

IS-এ লৈছে দায়িত্ব।
উল্লেখযোগ্য যে শিখ সম্প্ৰদায় ইয়াত সংখ্যালঘূ। গৃহ মন্ত্ৰালয়ে এই আক্ৰমণৰ সবিশেষ উল্লেখ কৰি টুইট কৰি কয় যে, গুৰুদ্বাৰাৰ ভিতৰত থকা ৮০জন লোকক সেনা বাহিনীয়ে ৰক্ষা কৰিবলৈ সক্ষম হয়। আফগানী সংবাদমাধ্যমৰ মতে, প্ৰায় ৬ঘণ্টা চলা আক্ৰমণ ৪জন সন্ত্ৰাসবাদীয়ে কৰে।
আইএছআইএছে দায়িত্ব স্বীকাৰ কৰাৰ পিছত ভাৰতৰ বিদেশ মন্ত্ৰালয়ে এই আক্ৰমণত শোক প্ৰকাশ কৰি কঠোৰ ভাষাৰে গৰিহণা দিছে। ভাৰতে সংখ্যালঘূ শিখ আৰু হিন্দুসকলক সকলো সহায় কৰাৰ আশ্বাস দিছে।
Such cowardly attacks on the places of religious worship of the minority community, especially at this time of COVID 19 pandemic, is reflective of the diabolical mindset of the perpetrators and their backers: MEA https://t.co/rGxbW2ZR33
— ANI (@ANI) March 25, 2020