অসমত ক'ভিড সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে টুইটাৰযোগে অতিৰিক্ত SOP প্ৰকাশ কৰিছে Disaster Management Authority Assamএ। ইয়াত থকা নীতি-নিৰ্দেশনাসমূহ...
১. ৰেষ্টুৰেণ্ট, ধাবা আৰু অন্যান্য ভোজনালয় সমূহে কেৱল সন্ধিয়া ৬ বজালৈকে ডাইন-ইন অতিথিক সেৱা আগবঢ়াব পাৰিব। অৱশ্যে, স্থানীয় নিয়ম অনুসৰি বন্ধ হোৱাৰ সাধাৰণ সময়লৈকে টেক অৱে/হোম ডেলিভেৰি লব পাৰিব।
২. হোটেল বা ৰিজৰ্টৰ ভিতৰত চলি থকা ৰেষ্টুৰেণ্টবোৰে কেৱল সন্ধিয়া ৬ বজালৈকে বাহিৰৰ অতিথিক অনুমতি দিব পাৰিব। অৱশ্যে, হোটেল/ৰিজটৰ আভ্যন্তৰীণ অতিথিসকলক সাধাৰণ সময়লৈকে ভোজন কৰিবলৈ দিব পাৰিব।
৩. ই-কমাৰ্চৰ জৰিয়তে অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ ডেলিভেৰি সন্ধিয়া ৬ বজাৰ পিছতো অব্যাহত থাকিব পাৰিব।
৪. শীতল ভঁৰাল আৰু গুদাম সমূহ সন্ধিয়া ৬ বজাৰ পিছত অব্যাহত থাকিব পাৰিব। অৱেশ্যে এই গুদাম বা শীতল ভঁৰালৰ সৈতে সংলগ্ন বিক্ৰী কাউণ্টাৰ, শ্ব’ৰুম আদি সন্ধিয়া ৬ বজাৰ পিছত বন্ধ থাকিব।
৫. ফার্মাচী, চিকিৎসালয়, পশু যত্ন কেন্দ্র আৰু পশু চিকিৎসা কেন্দ্ৰবোৰ অত্যাৱশ্যকীয় আৰু জৰুৰীকালীন সেৱা প্রদানকাৰী হোৱাৰ বাবে প্রতিবন্ধকতা অবিহনে কাম কৰিব পাৰিব।
![]()
৩০ এপ্রিল ২০২১ লৈকে তাৎক্ষণিকভাৱে এই অতিৰিক্ত এছ. ও. পি অনুসৰণ কৰা হ'ব৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|