Corona Vaccination: ভেকচিনৰ প্ৰমাণ-পত্ৰত কিবা ভুল আছে নেকি ? এতিয়া আৰু চিন্তা নাই ! এইদৰে শুধৰাব পাৰিব আপুনি...

News18 Assam | News18-Assam
Updated:June 9, 2021, 4:18 PM IST
Corona Vaccination: ভেকচিনৰ প্ৰমাণ-পত্ৰত কিবা ভুল আছে নেকি ? এতিয়া আৰু চিন্তা নাই ! এইদৰে শুধৰাব পাৰিব আপুনি...
যদি আপোনাৰ নাম, জন্ম তাৰিখ আৰু লিংগত অজানিতে ভুল ৰৈ গৈছে তেন্তে আপুনি লাভ কৰা টিকাকৰণ প্ৰমাণ-পত্ৰত নিজেই শুদ্ধ কৰিব পাৰিব সকলো ।

যদি আপোনাৰ নাম, জন্ম তাৰিখ আৰু লিংগত অজানিতে ভুল ৰৈ গৈছে তেন্তে আপুনি লাভ কৰা টিকাকৰণ প্ৰমাণ-পত্ৰত নিজেই শুদ্ধ কৰিব পাৰিব সকলো ।

  • Share this:
কোভিড ১৯ (Covid 19) ভেকচিন গ্ৰহণ কৰাৰ পিছত লাভ কৰা টিকাকৰণ প্ৰমাণ পত্ৰত ক্ৰটি আছে নেকি? যদি আপোনাৰ টিকাকৰণ প্ৰমাণ পত্ৰত নামৰ লগতে অন্য কোনো তথ্যত ক্ৰটি ৰৈ গৈছে তেন্তে এতিয়া কোনো চিন্তাৰ কাৰণ নাই। ভেকচিন গ্ৰহণ কৰাসকলে এতিয়া ক'উইন পৰ্টেলত (Cowin) তেওঁলোকৰ কোভিড-১৯ টিকাকৰণ প্ৰমাণপত্ৰত থকা ভুল তথ্য নিজেই সংশোধন কৰিব পাৰিব। চৰকাৰে এটা নতুন আপডেটৰ বিষয়ে ঘোষণা কৰি এই কথা উল্লেখ কৰিছে। যিয়ে টিকাকৰণ প্ৰাপ্ত কৰা ব্যক্তিৰ টিকাকৰণ প্ৰমাণপত্ৰত মুদ্ৰিত হোৱা নাম, জন্মৰ তাৰিখ আৰু লিংগৰ অসাৱধানতাপূৰ্ণ ক্ৰটি সংশোধনৰ অনুমতি দিব।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব বিকাশ শীলে বুধবাৰে কৈছে যে টিকাকৰণ লাভ কৰাসকলে ক'উইন ৱেবছাইটৰ জৰিয়তে এই তথ্য উন্নীত কৰিব পাৰিব। আৰোগ্য সেঁতু এপৰ অফিচিয়েল হেণ্ডেলত এটা টুইট পোষ্ট কৰি কোৱা হৈছিল - 'যদি আপোনাৰ নাম, জন্ম তাৰিখ আৰু লিংগত অজানিতে ভুল হৈছে তেন্তে আপুনি লাভ কৰা টিকাকৰণ প্ৰমাণ-পত্ৰ নিজেই শুদ্ধ কৰিব পাৰে। ক'উইন ৱেবছাইট ক্লিক কৰক আৰু এই সন্দৰ্ভত আপোনাৰ সমস্যাটো ব্যাখ্যা কৰক।' কোভিড টিকাকৰণ প্ৰমাণপত্ৰই ভ্ৰমণৰ লগতে আন বহুতো ক্ষেত্ৰত অহা-যোৱা কৰাত সহায় কৰে।

ইয়াৰ পূৰ্বে, চৰকাৰে টিকাকৰণ কৰা লোকসকলক স্ব-মূল্যায়ন প্ৰক্ৰিয়াৰ জৰিয়তে স্বেচ্ছাই আৰোগ্য সেতু এপত তেওঁলোকৰ স্থিতি আপডেট কৰিবলৈ অনুমতি দিছিল। ভেকচিনৰ প্ৰথম পালি গ্ৰহণ কৰা লোকসকলে তেওঁলোকৰ হোম স্ক্ৰীণত টিকাকৰণ স্থিতিৰ সন্মুখত এটা নীলা টিক দেখিব আৰু যিসকলে দুয়োটা পালি গ্ৰহণ কৰিছে তেওঁলোকে এপটোত ১৪ দিনৰ পিছত দুটা নীলা টিক দেখিব। এই দুয়োটা টিক ক'উইন পৰ্টেলৰ পৰা টিকাকৰণৰ স্থিতি প্ৰমাণিত কৰাৰ পিছত দেখা যাব।

ক'উইনত পঞ্জীয়নৰ বাবে ব্যৱহৃত মোবাইল নম্বৰৰ জৰিয়তে টিকাকৰণৰ স্থিতি আপডেট কৰিব পাৰি। দেশজুৰি টিকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে মুঠ ২৩,৯০,৫৮,৩৬০ পালি কোভিড-১৯ ভেকচিন প্ৰদান কৰা হৈছে।



উল্লেখ্য যে, পূৰ্বৰ তুলনাত দেশত ক্ৰমাগতভাৱে হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত দেশত ৯২,৫৯৬ গৰাকীৰ দেহত চিনাক্ত হয় কোৰোণা ভাইৰাছ। ইফালে, আক্ৰান্তৰ বিপৰীতে বিগত ২৪ ঘণ্টাত সুস্থ হৈ উঠা লোকৰ সংখ্যা অধিক। মঙলবাৰৰ দিনটোত ১ লাখ ৬২ হাজাৰ লোকে কোৰোণাত সুস্থ হৈ ঘৰমুৱা হৈছে।
Published by: Kokil Sarma
First published: June 9, 2021, 4:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি