পশ্চিম বংগত আবদ্ধ অসমৰ বহু যুৱক, ৰে’লসেৱা বাতিল হোৱাত বিপাঙত বহিঃৰাজ্যৰ পৰা ওভতা যুৱকসকল

News18 Assam | News18-Assam
Updated:March 23, 2020, 10:20 AM IST
পশ্চিম বংগত আবদ্ধ অসমৰ বহু যুৱক, ৰে’লসেৱা বাতিল হোৱাত বিপাঙত বহিঃৰাজ্যৰ পৰা ওভতা যুৱকসকল
Photo : Prokerala.cpm

কোৰোণা ভাইৰাছৰ আতংকময় পৰিস্থিতিৰ বাবে তেওঁলোকক ষ্টেচনৰ ভিতৰত প্ৰৱেশ কৰিব নিদিয়াৰ লগতে বাহিৰত একেলগে অৱস্থান কৰিবও দিয়া নাই।

  • Share this:
পশ্চিম বংগৰ শিয়ালদহ ৰে’লৱে ষ্টেচনত আৱদ্ধ অসমৰ বহু যুৱক। দক্ষিণ ভাৰতত কৰ্মৰত এই যুৱকসকল আহি দেওবাৰে পুৱাৰ ভাগত উপস্থিত হৈছিল হাওৰা ষ্টেচনত। কিন্তু জনতা কাৰফিউৰ বাবে সকলো ৰে’ল বাতিল হোৱাত বিপাঙত পৰিছে এই যুৱকসকল। খাদ্য, থকা ঠাইৰ অভাৱ, প্ৰয়োজনীয় চিকিৎসা বা পৰীক্ষণৰ পৰাও বঞ্চিত এইসকল যুৱক।

কোৰোণা ভাইৰাছৰ আতংকময় পৰিস্থিতিৰ বাবে তেওঁলোকক ষ্টেচনৰ ভিতৰত প্ৰৱেশ কৰিব নিদিয়াৰ লগতে বাহিৰত একেলগে অৱস্থান কৰিবও দিয়া নাই। বঙাইগাঁও, যোৰহাট আদি বিভিন্ন স্থানৰ প্ৰায় ৪০০জন যুৱক থকাৰ কথা প্ৰকাশ কৰে দলটোৰ এজন যুৱকে।
আৰু চাওক
পৰৱৰ্তী বাতৰি