কোভিড আক্ৰান্তৰ বাবে বিনামূলীয়া এম্বুলেন্স সেৱা এম্ৱুলেন্স দিদি টুইংকল কালিয়াৰ

News18 Assam | News18-Assam
Updated:May 7, 2021, 8:43 PM IST
কোভিড আক্ৰান্তৰ বাবে বিনামূলীয়া এম্বুলেন্স সেৱা এম্ৱুলেন্স দিদি টুইংকল কালিয়াৰ
নিজৰ ১২খনকৈ এম্বুলেন্স ব্যৱহাৰ কৰিছে কোভিড আক্ৰান্তক অনা–নিয়াৰ কামত, জনতাৰ বিপুল অভিবাদন এম্ৱুলেন্স দিদিলৈ

নিজৰ ১২খনকৈ এম্বুলেন্স ব্যৱহাৰ কৰিছে কোভিড আক্ৰান্তক অনা–নিয়াৰ কামত, জনতাৰ বিপুল অভিবাদন এম্ৱুলেন্স দিদিলৈ

  • Share this:

দেশত কোৰোণা মহামাৰীৰ দ্বিতীয় ঢৌৰ কঠিন সময়তো বহু ঠাইত অক্সিজেন, ঔষধৰ ক'লা বিপণনৰ খবৰ পোৱা গৈছে। নাগৰিকৰ দুৰ্বলতাৰ সুযোগ লোৱা এচাম মানৱতাবিৰোধী লোকৰ বিপৰীতে এনে গুৰুতৰ পৰিস্থিতিত কিছুমান লোক এতিয়াও দিন-ৰাতি মানুহৰ সেৱাত নিয়োজিত হৈ আছে। তেনে এগৰাকী মহিলা হৈছে এম্বুলেন্স চালক টুইংকল কালিয়া।


যোৱা ২০ বছৰ ধৰি দিল্লীত এম্বুলেন্স সেৱা আগবঢ়োৱা টুইংকল কালিয়াই সম্প্ৰতি কোৰোণা ৰোগী আৰু তেওঁলোকৰ পৰিয়ালক নিজৰ সামৰ্থ্য অনুসৰি আগবঢ়াই আছে সহায়।
টুইংকল কালিয়াই তেওঁৰ এম্বুলেন্স ব্যৱহাৰ কৰিছে ৰোগীসকলক দিল্লী-এনচিআৰৰ চিকিৎসালয়লৈ বিনামূলীয়াকৈ অনা–নিয়াৰ সেৱাত। টুইংকল কালিয়াৰ মতে, তেওঁ প্ৰতিদিনে এম্বুলেন্স সেৱা যোগানৰ বাবে প্ৰায় ২০০টা ফোনকল লাভ কৰে। আৰু তেওঁ যিমান সম্ভৱ সিমান লোকক সহায় কৰিবলৈ চেষ্টা কৰে।



সাংবাদিকৰে হোৱা বাৰ্তালাপৰ সময়ত কালিয়াই লগতে জনাই যে তেওঁ কোৰোণাত মৃত্যু হোৱা ব্যক্তিৰ অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ কোনো নথকাত নিজে স্বামীৰ সহযোগত এনে লোকৰ অন্ত্যেষ্টিক্ৰিয়াও সম্পন্ন কৰিছে।


টুইঙ্কলৰ মতে, তেওঁ বৰ্তমানলৈ কমেও ৩৫ৰ পৰা ৪০টা এনে মৃতদেহ সৎকাৰ কৰিছে। টুইঙ্কল কালিয়াই শ্বহীদ ভগত সিং কেয়াৰ এণ্ড হেল্প নামৰ তেওঁৰ এনজিঅ'ৰ জৰিয়তে এতিয়া কোৰোণা আক্ৰান্তৰ সেৱা আগবঢ়াই আছে। তেওঁৰ ওচৰত ১২খন এম্বুলেন্স আছে আৰু ইয়াৰে যিমান পাৰি সিমানলৈ সহায় আগবঢ়াই আছে।


এনে পৰিস্থিতিও আহিছে য'ত এম্বুলেন্সত পেট্ৰ'ল ঢালিবলৈ টকা নাই। কেতিয়াৱা নোহোবা হৈছে চালক, তেনে অৱস্থাত নিজে পীড়িতসকলক এম্বুলেন্স চলাই হাস্পতাললৈ নি সহায় কৰিছে কালিয়াই। এগৰাকী জনপ্ৰিয় সমাজকৰ্মী ৰূপে টুইংকল কালিয়াই আগবঢ়োৱা সেৱাই প্ৰমাণ কৰিছে জীয়াই আছে মানৱতাবাদ।

Published by: Gautam Barman
First published: May 7, 2021, 8:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি