স্পেইনৰ প্ৰিন্সেজ মাৰিয়াৰ কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু, এতিয়ালৈ ৫,৯৮২জন হেৰুৱাইছে প্ৰাণ

News18 Assam | News18-Assam
Updated:March 29, 2020, 12:53 PM IST
স্পেইনৰ প্ৰিন্সেজ মাৰিয়াৰ কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু, এতিয়ালৈ ৫,৯৮২জন হেৰুৱাইছে প্ৰাণ
বিশ্বৰ কোনো শ্বাহী পৰিয়ালত কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা এয়া প্ৰথমটো ঘটনা

বিশ্বৰ কোনো শ্বাহী পৰিয়ালত কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা এয়া প্ৰথমটো ঘটনা

  • Share this:
স্পেইনৰ ৰজা ফিলিপ–IV (King Felipe IV)ৰ সম্পৰ্কীয় ভগ্নী আৰু বাৰবন–পাৰ্মাৰ প্ৰিন্সেজ মাৰিয়া টেৰেছাৰ শনিবাৰে কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হয়। ৮৬ বছৰীয়া মাৰিয়াৰ দেহত বৃহস্পতিবাৰে ধৰা পৰিছিল কোৰোণা ভাইৰাছ। তিনিদিন ধৰি ভেণ্টিলেটনৰত আছিল মাৰিয়া। বিশ্বৰ কোনো শ্বাহী পৰিয়ালত কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা এয়া প্ৰথমটো ঘটনা।

মাৰিয়াৰ ভাতৃ আৰু প্ৰিন্স ছিক্সতো এনৰিক দে বাৰবনে এক ফেচবুক পোষ্টৰ জৰিয়তে ভগ্নীৰ মৃত্যুৰ কথা সদৰি কৰিছে। মাৰিয়াৰ অন্তিম সংস্কাৰ শুকুৰবাৰে মাড্ৰিডত কৰা হ’ব। ফেচবুক পোষ্টত উল্লেখ কৰা অনুসৰি মাৰিয়াৰ মৃত্যু পেৰিছত হৈছে।

স্পেইনত কোৰোণা ভাইৰাছত বিগত ২৪ ঘণ্টাত ৮৪৪জন লোকৰ মৃত্যু হৈছে। দেশখনত মুঠ ৫,৯৮২জন লোকৰ মৃত্যু হৈছে এই মহামাৰীত। আনহাতে ৭৩ হাজাৰতকৈও অধিক লোক আক্ৰান্ত হৈছে কোৰোণা ভাইৰাছত।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading