৭ বছৰ পূৰ্বেই এইজন লোকে লিখিছিল ‘আহি আছে কোৰোণা ভাইৰাছ’

News18 Assam | News18-Assam
Updated:March 16, 2020, 2:56 PM IST
৭ বছৰ পূৰ্বেই এইজন লোকে লিখিছিল ‘আহি আছে কোৰোণা ভাইৰাছ’
৭ বছৰ পূৰ্বে কোৰোণা ভাইৰাছক লৈ কৰা এই ভৱিষ্যদ্বাণীক লৈ আশ্চৰ্য প্ৰকাশ কৰিছে বিভিন্ন লোকে।

৭ বছৰ পূৰ্বে কোৰোণা ভাইৰাছক লৈ কৰা এই ভৱিষ্যদ্বাণীক লৈ আশ্চৰ্য প্ৰকাশ কৰিছে বিভিন্ন লোকে।

  • Share this:
চীনৰ পৰা সংক্ৰমণ হোৱা কোৰোণা ভাইৰাছে বৰ্তমান সমগ্ৰ বিশ্বতে সৃষ্টি কৰিছে ত্ৰাসৰ। এই ভাইৰাছৰ কবলত পৰি এতিয়ালৈকে বিশ্বজুৰি ৬,৫১৭জন লোকৰ মৃত্যু হৈছে। ১,৬৯,৪৮৪জন লোক বৰ্তমানলৈ আক্ৰান্ত হৈছে কোৰোণা ভাইৰাছত। বিশ্ববাসীয়ে কোৰোণা ভাইৰাছৰ নাম এতিয়া শুনিছে, কিন্তু ২০১৩ চনতে এজন লোকে এই কথা উল্লেখ কৰিছিল। মাৰ্কো নামৰ এই লোকজনৰ এই টুইটটো এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

@Marco_Acortes নামৰ টুইটাৰ একাউণ্টৰ পৰা ভাইৰেল হোৱা এই টুইটটো ২০১৩ চনৰ ৩ জুনত কৰা হৈছিল। টুইটটোত লিখিছিল ‘কোৰোণা ভাইৰাছ... আহি আছে’। ৭ বছৰ পূৰ্বে কোৰোণা ভাইৰাছক লৈ কৰা এই ভৱিষ্যদ্বাণীক লৈ আশ্চৰ্য প্ৰকাশ কৰিছে বিভিন্ন লোকে। এই পোষ্টটো ১ লাখতকৈ অধিক লোকে লাইক কৰাৰ বিপৰীতে ৬৭ হাজাৰতকৈ অধিক লোকে ৰি–টুইট কৰিছে।

এই টুইট ভাইৰেল হোৱাৰ পিছত বিভিন্নজন কমেণ্ট কৰিবলৈ আৰম্ভ কৰিছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে আপুনি তাৰিখ সলনি কৰিবলৈ টুইটাৰ হেক কৰিছে, এয়া সঠিক নহয়। কোনোৱে লিখিছে – মই ভাবিছো যে কোনোবাই কেনেকৈ ৭ বছৰ পূৰ্বে টুইট কৰিব পাৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading