পুৱাৰ বাতৰি কাকত খনতো থাকিব পাৰে ক’ৰোণা ভাইৰাছ! গতিকে সাৱধান হওক এনেদৰে

News18 Assam | News18-Assam
Updated:March 22, 2020, 1:17 PM IST
পুৱাৰ বাতৰি কাকত খনতো থাকিব পাৰে ক’ৰোণা ভাইৰাছ! গতিকে সাৱধান হওক এনেদৰে
Source-Google

ভাৰতবৰ্ষত এতিয়া ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক’ৰোণা ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা। শনিবাৰলৈকে ৩২৪জনৰ দেহত ধৰা পৰিছে ক’ৰোণা ভাইৰাছৰ অৱস্থিতি।

  • Share this:
ভাৰতবৰ্ষত এতিয়া ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক’ৰোণা ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা। শনিবাৰলৈকে ৩২৪জনৰ দেহত ধৰা পৰিছে ক’ৰোণা ভাইৰাছৰ অৱস্থিতি। এতিয়া দেশৰ প্ৰতিজন নাগৰিক সজাগ , সচেতন হোৱাটো অত্যন্ত জৰুৰী হৈ পৰিছে। এতিয়া ভাৰতবৰ্ষ আছে ্ষ্টেজ ২ত। ষ্টেজ ৩লৈ অগ্ৰসৰ হোৱাৰ পৰা ৰক্ষা কৰিব লাগিব দেশক।

এই বিপদৰ সময়তে এগৰাকী চিকিৎসকৰ এটা বিশেষ ভিডিঅ’ চৰ্চালৈ আহিছে। ফৰিদাবাদৰ এখন হাস্পতালৰ আই চি ইউৰ ডিৰেক্টৰ ডা০ শিখা পৱাৰে ভিডিঅ’টোৰ জৰিয়তে কেতবোৰ বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। চিকিৎসকগৰাকীয়ে ক’ৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে। যিবোৰ বস্তুৰ জৰিয়তে ভাইৰাছ সংক্ৰমিত হ’ব পাৰে, তেনে বস্তু ব্যৱহাৰ কৰোতে আমি সকলোৱে ব্যাপক সতৰ্কতা অৱলম্বন কৰিব লাগিব।

চিকিৎসকগৰাকীয়ে কয় যে, ‘ঘৰত আমি এতিয়া সকলো আবদ্ধ গৈ থকাই সকলোতকৈ উত্তম। এতিয়া আমি নিজকে নিজে সুৰক্ষিত কৰি ৰাখিব লাগিব। কিন্তু কিছু সংখ্যক বস্তু ব্যৱহৰ কৰোতে আমি হ’ব লাগিব সাৱধান।’

‘পুৱা বাতৰি কাকত খনৰ পৰাও সংক্ৰমিত হ’ব পাৰে ক’ৰোণা ভাইৰাছ। ব্যৱহাৰ কৰোতে হওক সাৱধান। সদায় ব্যৱহাৰ কৰা গাখীৰৰ পেকেটতো থাকিব পাৰে ভাইৰাছ। গাখীৰৰ পেকেটটোক ঘৰত সোমোৱাৰ আগত ডিটাৰজেনৰ সহায়ত পানীত ধুই ল’ব লাগে। প্ৰয়োজনীয় সামগ্ৰী আগতীকৈয়ে বজাৰৰ পৰা অনাৰ ব্যৱস্থা কৰিব লাগে। কাৰণ ক’ৰোণা ভাইৰাছ ১২ৰ পৰা ২৪ ঘণ্টাৰ ভিতৰত ধ্বংস হৈ যায়।’

চাওক ভিডিঅ’

আৰু চাওক
পৰৱৰ্তী বাতৰি