বগী চাংমাইয়ে জয় কৰিলে কোভিডক। কোভিড ৰোগীৰ বাবে অদম্য সাহসৰ নিদৰ্শন হৈ ৰ'ল ৯৪ বছৰীয়া বগী চাংমাই।

News18 Assam | News18-Assam
Updated:June 10, 2021, 9:10 PM IST
বগী চাংমাইয়ে জয় কৰিলে কোভিডক। কোভিড ৰোগীৰ বাবে অদম্য সাহসৰ নিদৰ্শন হৈ ৰ'ল ৯৪ বছৰীয়া বগী চাংমাই।
বৰঙাবাৰীৰ তেলিয়াচুক নিবাসী বগী চাংমাই মুক্তিযুঁজাৰুৰ পেঞ্চনপ্ৰাপ্ত মহিলা।

বৰঙাবাৰীৰ তেলিয়াচুক নিবাসী বগী চাংমাই মুক্তিযুঁজাৰুৰ পেঞ্চনপ্ৰাপ্ত মহিলা।

  • Share this:
কোৰোণা মহামাৰী মাৰাত্মক বুলি যি সময়ত বহু লোকে হতাশাত ভূগি নিৰাস হৈ পৰিছে তেওঁলোকৰ বাবে সাহসৰ জীৱন্ত ৰূপ হৈ আহিছে ৯৪ বছৰীয়া বগী চাংমাই। গহপুৰৰ এইগৰাকী ৯৪ বছৰীয়া বৃদ্ধাই হোম আইছোলেচনত থাকিয়েই জয় কৰিলে কোভিডক।

২ জুনত কোভিড পজিটিভ হৈছিল বগী চাংমাই। ৩১ মে'ত তেওঁৰ পুত্ৰ তোলন চাংমাই আৰু নাতিনী চিম্পী চাংমাইৰ কোভিড পজিটিভ হোৱাৰ পিছত বগী চা‌ংমাইয়ো আক্ৰান্ত হৈছিল কোভিডত। কেইমাহমানৰ পূৰ্বে এখন ভৰি ভগাৰ ফলত হুইল চেয়াৰকে সাৰথি কৰি জীৱনৰ বিয়লি বেলা পাৰ কৰি অহা বৃদ্ধাগৰাকীক সেয়ে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ পৰিবৰ্তে তেলিয়াচুকৰ বাসগৃহত হোম কোৱাৰেণ্টাইন কৰি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হয়।

বগী চাংমাইৰ কোভিড জয়ৰ আঁৰত আছে এজন যুৱকৰ বিশেষ অৱদান। হেলেম সাহাৰ্য প্ৰাপ্ত চিকিৎসালয়ৰ ফাৰ্মাচিষ্ট গৌতম বৰাৰ যত্ন আৰু পৰিচৰ্যাৰ বাবেই ৯৪ বছৰতো মহামাৰী কোভিডক পৰাভূত কৰিব পাৰলে বগী চাংমাইয়ে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিয়মীয়াকৈ চিকিৎসা প্ৰদান কৰি অৱশেষত বৃদ্ধাগৰাকীক কোভিড মুক্ত কৰি তুলিলে ফাৰ্মাচিষ্ট গৌতম বৰাই। গৌতম বৰাৰ লগতে এএনএম লীনা শইকীয়া আৰু চতুৰ্থ বৰ্গৰ সহায়ক দিলিপ দাসেও কৰে অশেষ য়ত্ন।

উল্লেখ্য বৰঙাবাৰীৰ তেলিয়াচুক নিবাসী বগী চাংমাই মুক্তিযুঁজাৰুৰ পেঞ্চনপ্ৰাপ্ত মহিলা। বৃহস্পতিবাৰে ঘৰতে কৰা কোভিড পৰীক্ষাৰ ৰিপোৰ্ট নিগেটিভ হোৱাত ফাৰ্মাচিষ্ট গৌতম বৰাৰ লগতে স্বাস্থ্য কৰ্মীৰ দলটোৱে বৃদ্ধাগৰাকীক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ূ কামনা কৰে।
Published by: Manjumoni Borah
First published: June 10, 2021, 9:10 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি