মুখ্যপৃষ্ঠা » খবৰ

» Corona

»কোভিড জয় কৰি ঘৰলৈ উভতিল ৮৫ বছৰীয়া আইতা বেংগলী দেউৰী

কোভিড জয় কৰি ঘৰলৈ উভতিল ৮৫ বছৰীয়া আইতা বেংগলী দেউৰী

News18 Assam | News18-Assam
Updated:June 6, 2021, 8:14 PM IST
কোভিড জয় কৰি ঘৰলৈ উভতিল ৮৫ বছৰীয়া আইতা বেংগলী দেউৰী
ব্লাড প্ৰেছাৰ মাত্ৰ ৪০/২০ আৰু অতি বেছি ডিহাইড্ৰেচনৰ লগতে  শৰীৰত অক্সিজেনৰ পৰিমাণ মাথোঁ ৬৪ শতাংশ আছিল।

ব্লাড প্ৰেছাৰ মাত্ৰ ৪০/২০ আৰু অতি বেছি ডিহাইড্ৰেচনৰ লগতে  শৰীৰত অক্সিজেনৰ পৰিমাণ মাথোঁ ৬৪ শতাংশ আছিল।

  • Share this:

এগৰাকী ৮৫ বছৰীয়া বৃদ্ধা। নাম তেওঁৰ বেংগলী দেউৰী। ঘৰ অসম–অৰুণাচল সীমান্তৱৰ্তী ডফলাগড় পুৰণা বালিজান গাঁৱত। বয়সৰ তাগিদাত বাৰ্ধক্যৰ কোলাত উঠা বেংগলী দেউৰীৰ শেহতীয়াভাৱে অতি বেছি পনীয়া শৌচ হোৱাত যোৱা ৩০ মে'ৰ আবেলি  গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ অনা হয়। তেওঁক চিকিৎসালয়খনত  তাৎক্ষণিকভাৱে কোভিড টেষ্ট কৰোৱাত কোভিড পজিটিভ ধৰা পৰে। ইয়াৰ পিছত তেওঁক ততাতৈয়াকৈ কলাবাৰী কোভিড কেয়াৰ চেন্টাৰত ভৰ্তি কৰোৱা হয় যদিও তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি হয়।


কিন্তু চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ দলে বৃদ্ধাগৰাকীৰ উপযুক্ত চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত অকণো কৃপণালি নকৰি খৰতকীয়াকৈ চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে। এনেদৰে  মুমূৰ্ষু অৱস্থাত থকা বৃদ্ধাগৰাকীৰ কলাবাৰী আদৰ্শ চিকিৎসালয়খনৰ কোভিড কেয়াৰ চেণ্টাৰৰ তত্ত্বাৱধায়ক চিকিৎসক ডাঃ তোলন দাস আৰু নাৰ্ছ ৰেখামণি ঠেঙালৰ নেতৃত্বত চিকিৎসা আৰম্ভ হয়। ব্লাড প্ৰেছাৰ মাত্ৰ ৪০/২০ আৰু অতি বেছি ডিহাইড্ৰেচনৰ লগতে  শৰীৰত অক্সিজেনৰ পৰিমাণ মাথোঁ ৬৪ শতাংশ  থকা অৱস্থাত  চিকিৎসক দাসৰ তৎপৰতাত চিকিৎসা আৰম্ভ কৰাৰ লগতে প্ৰয়োজনীয় ঔষধ-পাতি দিয়া হয় বৃদ্ধাগৰাকীক।


সাধাৰতে এনে ৰোগীক ICU ব্যৱস্থাতহে চিকিৎসা কৰা সম্ভৱ যদিও এইক্ষেত্ৰত আইচিইউ অবিহনে চিকিৎসা প্ৰদান কৰি  অসাধাৰণ কৰ্ম কৰি দেখুৱালে সমগ্ৰ টিমটোৱে।এনেদৰে আগবঢ়োৱা চিকিৎসা সেৱাৰ অন্ততঃ সম্পূৰ্ণ  ৭ দিনৰ মূৰত বৃদ্ধগৰাকী সুস্থ হৈ উঠে আৰু কোভিডৰ পৰা মুক্ত হৈ আজি ঘৰলৈ যোৱাৰ সুযোগ লাভ কৰে অশীতিপৰ বৃদ্ধাগৰাকীয়ে।



মুমূৰ্ষু অৱস্থাৰ পৰা বৃদ্ধাগৰাকীক সুস্থ কৰিবলৈ পাই চিকিৎসকৰ দলটিও যথেষ্ট আনন্দিত হৈ পৰাৰ লগতে তেওঁলোকৰ এই সফলতাই কোভিডৰ ভয়াৱহতাৰ মাজত গহপুৰৰ চিকিৎসা ক্ষেত্ৰখনলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে।

Published by: Gautam Barman
First published: June 6, 2021, 8:14 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি