কোৰোণা ভাইৰাছত ভাৰতত প্ৰথমজন লোকৰ মৃত্যু, আক্ৰান্তৰ সংখ্যা ৭৫জন

News18 Assam | News18-Assam
Updated:March 13, 2020, 8:15 AM IST
কোৰোণা ভাইৰাছত ভাৰতত প্ৰথমজন লোকৰ মৃত্যু, আক্ৰান্তৰ সংখ্যা ৭৫জন
বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে জনায় যে উক্ত লোকজন কোৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছিল আৰু তেওঁৰ চিকিৎসা চলি আছিল।

বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে জনায় যে উক্ত লোকজন কোৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছিল আৰু তেওঁৰ চিকিৎসা চলি আছিল।

  • Share this:
ভাৰতত কোৰোণা ভাইৰাছত আক্ৰান্ত প্ৰথমজন লোকৰ মৃত্যু। কৰ্ণাটকৰ কলবুৰ্গীত মৃত্যু হৈছে এজন ৭৬ বছৰীয়া লোকৰ। শেহতীয়াকৈ চৌদি আৰবৰ পৰা উভতিছিল লোকজন। আনহাতে, ভাৰতত এইপৰ্যন্ত ৭৫জন লোকৰ দেহত ধৰা পৰিছে এই মাৰাত্মক ভাইৰাছ।

বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে জনায় যে উক্ত লোকজন কোৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছিল আৰু তেওঁৰ চিকিৎসা চলি আছিল। পৰীক্ষা–নিৰীক্ষাত লোকজনৰ দেহত ধৰা পৰে কোৰোণা ভাইৰাছৰ অৱস্থিতি। মৃত লোকজনৰ সম্পৰ্কলৈ অহা লোকৰ পৰীক্ষা নিৰীক্ষা কৰি ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে।

আনহাতে, এতিয়ালৈ কোৰোণা ভাইৰাছত দিল্লীত ৬জন, হাৰিয়ানাত ১৪, কেৰালাত ১৭, ৰাজস্থানত ৩, তেলেংগানাত এজন, উত্তৰ প্ৰদেশত ১১, লাডাখত তিনি, তামিলনাডুত এজন, জম্মু–কাশ্মীৰত এজন, পঞ্জাবত, এজন, কৰ্ণাটকত চাৰিজন আৰু মহাৰাষ্ট্ৰত ১১জন লোক আক্ৰান্ত হৈছে।
Published by: Sanjay Kumar Das
First published: March 13, 2020, 8:14 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading