• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • Corona: কোৰোণানাৰ দ্ৱিতীয় ঢৌত এই পৰ্যন্ত  ভাৰতত মৃত্যু হৈছে মুঠ ৭১৯ গৰাকী চিকিৎসকৰ।সৰ্বাধিক চিকিৎসকৰ মৃত্যু হৈছে বিহাৰত।

Corona: কোৰোণানাৰ দ্ৱিতীয় ঢৌত এই পৰ্যন্ত  ভাৰতত মৃত্যু হৈছে মুঠ ৭১৯ গৰাকী চিকিৎসকৰ।সৰ্বাধিক চিকিৎসকৰ মৃত্যু হৈছে বিহাৰত।

 ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্বন (IMA)এ প্ৰকাশ কৰা তালিকা অনুসৰি ভাৰতত কোৰোণাত আক্ৰান্ত হৈ মুঠ ৭১৯ গৰাকী চিকিৎসকৰ মত্যু হৈছে। এই তালিকা অনুসৰি, অসমত মুঠ ৮ গৰাকী চিকিৎসকৰ মৃত্যু ঘটিছে।

  • Share this:
কোৰোণাৰ আবিৰ্ভাৱ হোৱাৰ পৰাই চিকিৎসক তথা চিকিৎসা কৰ্মীসকলে নানান প্ৰত্যহ্বানক নেওচি কোৰোনা আক্ৰান্ত লোকসকলক চিকিৎসা প্ৰদান কৰি আহিছে। এই গোটেই সময়ছোৱাত চিকিৎসক সকলেই মানুহৰ বাবে হৈ পৰিছে দেৱতা সদৃশ। মানুহে দেৱতা জ্ঞান কৰা এই চিকিৎসকসকলো ৰক্ষা পোৱা নাই  কাল কোৰোণাৰ পৰা।

মানৱ সমাজৰ বাবে ভগৱান সদৃশ হৈ পৰা এই চিকিৎসক সকলক লৈ শেহতীয়াকৈ পোহৰলৈ আহিছে কিছু উদ্বেগজনক খবৰ। ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্বন (IMA)এ কোৰোণা কালত মৃত্যু হোৱা চিকিৎসকৰ এক তালিকা প্ৰকাশ কৰিছে। এই তালিকা অনুসৰি, কোৰোণানাৰ দ্ৱিতীয় ঢৌত  বৰ্তমানলৈকে ভাৰতত মৃত্যু হৈছে মুঠ ৭১৯ গৰাকী চিকিৎসক। ইয়াৰ ভিৰতৰ সৰ্বাধিক চিকিৎসকৰ মৃত্যু হৈছে বিহাৰত। তালিকাখনৰ মতে বিহাৰত কোৰোনাৰ দ্বিতীয় ঢৌত মৃত্যু হৈছে মুঠ ১১১ গৰাকী চিকিৎসকৰ। ইয়াৰ পাছতে স্থান লাভ কৰিছে দিল্লীয়ে। দিল্লীত কোৰোণাৰ দ্বিতীয় ঢৌত এই পৰ্যন্ত মৃত্যু হৈছে ১০৯ গৰাকী চিকিৎসকৰ।

আনহাতে এই তালিকাৰ তৃতীয়, চতুৰ্থ আৰু পঞ্চমস্থানত আছে ক্ৰমে উত্তৰপ্ৰদেশ, পশ্চিমবংগ আৰু ৰাজস্থান। এই পৰ্যন্ত উত্তৰ প্ৰদেশত ৭৯, পশ্চিমবংগ ৬৩ আৰু ৰাজস্থানত ৪৩ গৰাকী চিকিৎসকৰ মৃত্যু হৈছে। অসমত এইপৰ্যন্ত কোৰোনাৰ দ্বিতীয় ঢৌত মৃত্যু হোৱা চিকিৎসকৰ সংখ্যা ৮ গৰাকী।
Published by:Manjumoni Borah
First published: