কামৰূপ মহানগৰ জিলাতে সৰ্বাধিক ২৪৫ গৰাকী লোক আক্ৰান্ত। কামৰূপ গ্ৰাম্য জিলাত ৪৭ গৰাকী, নগাঁৱত ৩৩ গৰাকী আক্ৰান্ত।
কামৰূপ মহানগৰ জিলাতে সৰ্বাধিক ২৪৫ গৰাকী লোক আক্ৰান্ত। কামৰূপ গ্ৰাম্য জিলাত ৪৭ গৰাকী, নগাঁৱত ৩৩ গৰাকী আক্ৰান্ত।
অসমত দিনে দিনে ক'ৰোনাৰ দ্বিতীয় লহৰৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । আজি এদিনতে অসমত আক্ৰান্ত হৈছে ৫৭৩ গৰাকী লোক আৰু মৃত্যু হৈছে ৪ গৰাকীৰ। ইয়াৰে কেৱল কামৰূপ মহানগৰ জিলাতে সৰ্বাধিক ২৪৫ গৰাকী লোক আক্ৰান্ত হৈছে কোৰোণাত।
কামৰূপ গ্ৰাম্য জিলাত ৪৭ গৰাকী, নগাঁৱত ৩৩ গৰাকী আৰু শোণিতপুৰত আক্ৰান্ত হৈছে ৩০ গৰাকী লোক।ডিব্ৰুগড়ত আক্ৰান্ত হৈছে ২৫ গৰাকী, কাৰ্বি আংলঙত ১৯ গৰাকী আক্ৰান্ত হৈছে।
শুকুৰবাৰে অসমত মুঠ সক্ৰিয় ক'ৰোনা আক্ৰান্তৰ সংখ্যা হৈছে ৪০৬৯ গৰাকী।
উদ্বেগৰ বিষয়টো হৈছে অসমত পজিটিভিটী হাৰ তিনিদিন ধৰি ১ৰ ওপৰত আছে।শুকুৰবাৰে অসমত কোৰোণা পৰীক্ষা কৰা হৈছিল ৩২,৪২১টা। ইয়াৰ ভিতৰত ১.৭৭ শতাংশ পোৱা গৈছে কোৰোণা পজিটিভ। বুধবাৰে এই হাৰ আছিল ১.২৮ শতাংশ আৰু বৃহস্পতিবাৰে পজিটিভিটী হাৰ আছিল বছৰটোৰ সৰ্বাধিক ২.৭২ শতাংশ।
উল্লেখ্য যে অসমত দেওবাৰে পজিটিভিটী হাৰ আছিল ০.৪৮ শতাংশ। সোমবাৰে পজিটিভিটী হাৰ আছিল ০.৫৭ শতাংশ। সেইদিনা ৰাজ্যত ১ লাখৰ অধিক কোৰোণা পৰীক্ষা কৰোৱা হৈছিল। মঙলবাৰে পজিটিভিটী হাৰ আছিল ০.৯৯ শতাংশ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|