• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • ৫০ গৰাকী কৰ্মচাৰী ক’ৰোনাত আক্ৰান্ত হোৱাৰ পিছতো দিনে-ৰাতিয়ে দেশৰ বাবে কাম কৰি আছে ভাৰত বায়োটেকে ! তাৰ পিছতো একাংশই টুইটাৰত আৰম্ভ কৰিছে বিতৰ্ক...

৫০ গৰাকী কৰ্মচাৰী ক’ৰোনাত আক্ৰান্ত হোৱাৰ পিছতো দিনে-ৰাতিয়ে দেশৰ বাবে কাম কৰি আছে ভাৰত বায়োটেকে ! তাৰ পিছতো একাংশই টুইটাৰত আৰম্ভ কৰিছে বিতৰ্ক...

ভাৰত বায়োটেকৰ যুটীয়া পৰিচালনা সঞ্চালক সুচিত্ৰা ইলা (Suchitra Ella)ই টুইট যোগে জনায় যে তেওঁৰ ৫০ গৰাকী কৰ্মচাৰী শেহতীয়াকৈ ক’ৰোনা পজিটিভ (Corona positive) পোৱা গৈছে। সুচিত্ৰা ইলাৰ টুইটে ছচিয়েল মিডিয়াত বিতৰ্ক তীব্ৰতৰ কৰি তুলিছে।

  • Share this:
দেশৰ প্ৰতিজন নাগৰিকক ক’ৰোনা ভেকছিন (Corona Vaccine) ল’বলৈ কোৱা হৈছে যদিও, ভাৰত বায়োটেক (Bharat Biotech)ৰ এক প্ৰতিবেদনে দেশৰ জনতাৰ উদ্বেগ বৃদ্ধি কৰিছে। ভাৰত বায়োটেকৰ যুটীয়া পৰিচালনা সঞ্চালক সুচিত্ৰা ইলা (Suchitra Ella)ই টুইট যোগে জনায় যে তেওঁৰ ৫০ গৰাকী কৰ্মচাৰী শেহতীয়াকৈ ক’ৰোনা পজিটিভ (Corona positive) পোৱা গৈছে। সুচিত্ৰা ইলাৰ টুইটে ছচিয়েল মিডিয়াত বিতৰ্ক তীব্ৰতৰ কৰি তুলিছে।

ভাৰত বায়োটেকত ক’ৰোনা সংক্ৰমণৰ বাতৰিৰ পিছত, কোম্পানীটোৱে এতিয়ালৈকে ইয়াৰ কৰ্মচাৰীসকলক ক’ৰোনা ভেকছিন কিয় দিয়া নাই এই বিষয়ে বহুতে প্ৰশ্ন উত্থাপন কৰে। বুধবাৰে, ইলাই কোভিড-১৯ প্ৰতিৰোধী ভেকছিনৰ যোগান ব্যাহত হোৱা সন্দৰ্ভত কিছু নেতাৰ মন্তব্যৰ ওপৰত টুইট কৰে, "কিছুমান ৰাজ্যই আমাৰ উদ্দেশ্যৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা বিষয়টো দলটোৰ বাবে দুৰ্ভাগ্যজনক। ইলাই কৈছিল যে ক’ৰোনা সংক্ৰমিত হোৱাৰ বাবে আমাৰ ৫০ গৰাকী কৰ্মচাৰীয়ে কাম কৰা নাই। তথাপিও আমি মহামাৰীৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ দিনে-ৰাতিয়ে কাম কৰি আছো যাতে অধিক সংখ্যক লোকে ক’ৰোনা ভেকছিন লাভ কৰিব পাৰে।

ভাৰত বায়োটেকৰ যুটীয়া পৰিচালনা সঞ্চালক সুচিত্ৰা ইলাৰ এটা টুইটৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে, "কোম্পানীটোৰ ৫০ গৰাকী কৰ্মচাৰী কেনেকৈ কোভিড-১৯ৰ দ্বাৰা সংক্ৰমিত হ'ল? তেওঁলোকক কিয় টিকাকৰণ কৰা হোৱা নাছিল? একে সময়তে, অস্থায়ী ভিত্তিত অধিক লোক নিয়োগ নকৰে কিয়?

সুচিত্ৰা ইলাৰ টুইটটো কিছুসংখ্যক লোকে প্ৰশংসা কৰিছে। এজন ব্যক্তিয়ে ভাৰত বায়োটেকৰ প্ৰশংসা কৰি লিখিছিল, "মোৰ ককা-আইতাৰ বয়স ৭৫ বছৰ। পাঁচ সপ্তাহ আগতে তেওঁলোকে ভেকছিনৰ প্ৰথম পালি লৈছিল আছিল আৰু দুসপ্তাহ আগত ক’ৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছিল। অৱশ্যে, তেওঁলোকৰ কেৱল মৃদু জ্বৰ হৈছিল আৰু আজি সম্পূৰ্ণৰূপে স্বাস্থ্যৱান।
Published by:Kokil Sarma
First published: