• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • কোৰোণা ভাইৰাছঃ চিকিৎসালয়ৰ পৰা পলায়ন ৫ সন্দেহজনক ৰোগী, আৰক্ষীয়ে অৱৰোধ কৰিলে সমগ্ৰ চহৰ

কোৰোণা ভাইৰাছঃ চিকিৎসালয়ৰ পৰা পলায়ন ৫ সন্দেহজনক ৰোগী, আৰক্ষীয়ে অৱৰোধ কৰিলে সমগ্ৰ চহৰ

নাগপুৰৰ ইণ্ডিৰা গান্ধী চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা পলায়ন কৰে ৫ জন ৰোগী

নাগপুৰৰ ইণ্ডিৰা গান্ধী চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা পলায়ন কৰে ৫ জন ৰোগী

নাগপুৰৰ ইণ্ডিৰা গান্ধী চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা পলায়ন কৰে ৫ জন ৰোগী

  • Share this:
সমগ্ৰ বিশ্বতে এতিয়া ত্ৰাসৰ সৃষ্টি কৰিছে কোৰোণা ভাইৰাছে। ভাৰতবৰ্ষতো প্ৰত্যেক দিনাই বৃদ্ধি পাইছে ক’ৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। ভাৰতবৰ্ষত এই পৰ্যন্ত কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে দুজন ৰোগী। আনহাতে ৮২ জন লোকৰ দেহত ধৰা পৰিছে ক’ৰোণা ভাইৰাছৰ অৱস্থিতি।

জানিব পৰা মতে, কোৰোণা ভাইৰাছৰ সন্দেহত নাগপুৰৰ ইণ্ডিৰা গান্ধী চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল ভৰ্তি কৰা ৫ জন ৰোগীয়ে পলায়ন কৰিছে। শুকুৰবাৰে নিশা ৰোগী কেইজন পলায়ন কৰাৰ পিছত সমগ্ৰ চহৰ খনতে এতিয়া জাৰি কৰা হৈছে হাই এলাৰ্ট। আৰক্ষীয়ে চাৰিওফালে চহৰখন অৱৰোধ কৰি, অব্যাহত ৰাখিছে তালাছী।



উল্লেখযোগ্য যে, পলায়ন কৰা আটাইকেইজন ৰোগীৰ শৰীৰত কোৰোণা ভাইৰাছৰ বহু কেইটা প্ৰাৰম্ভিক লক্ষণে দেখা দিছিল। আছুতীয়া কক্ষত ৰাখি চিকিৎসায় খনত স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছিল ৰোগী কেইজনৰ। কিন্তু নিশা চিকিৎসালয়খনৰ পৰা পলায়ন কৰে ৰোগী কেইজনে।  আৰক্ষীয়ে জনোৱা মতে, পলায়ন কৰা এজন ৰোগীৰ ৰিপৰ্ট কাৰ্ডত ক’ৰোণা ভাইৰাছ নিগেটিভ ওলাইছিল যদিও, বাকী চাৰি জনৰ ৰিপৰ্ট এতিয়ালৈকে দিয়া হোৱা নাই।
Published by:Himangshu Bhuyan
First published: