এটা পৰিয়ালৰে ৫জন আক্ৰান্ত কোৰোণা ভাইৰাছত, ভাৰতত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৩৯জনলৈ

News18 Assam | News18-Assam
Updated:March 8, 2020, 11:44 AM IST
এটা পৰিয়ালৰে ৫জন আক্ৰান্ত কোৰোণা ভাইৰাছত, ভাৰতত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৩৯জনলৈ
ইটালীৰ পৰা ওভতাৰ পিছত আত্মীয়–স্বজনকো সাক্ষাৎ কৰিছিল পৰিয়ালটোৰ সদস্যই।

ইটালীৰ পৰা ওভতাৰ পিছত আত্মীয়–স্বজনকো সাক্ষাৎ কৰিছিল পৰিয়ালটোৰ সদস্যই।

  • Share this:
কেৰালাত এটা পৰিয়ালৰে ৫জন লোক কোৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত হৈছে। ইয়াৰ সৈতে ভাৰতত কোৰোণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পালে ৩৯জনলৈ।

প্ৰাপ্ত তথ্য অনুসৰি, কেৰালাৰ পৰিয়ালটোৰ তিনি সদস্য শেহতীয়াকৈ উভতিছিল ইটালীৰ পৰা, য’ত এই ভাইৰাছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আক্ৰান্ত ৫জনৰ ভিতৰত আছে এটি শিশুও।

কেৰালাৰ স্বাস্থ্য মন্ত্ৰী কে কে শৈলজাই কয় যে দেওবাৰে বিমানবন্দৰত পৰিয়ালটোৱে যাত্ৰাৰ সবিশেষ তথ্য দিয়া নাছিল, যাৰ ফলত পৰীক্ষাও কৰোৱা হোৱা নাছিল। প্ৰথম অৱস্থাত পৰিয়ালটো হাস্পতালত চিকিৎসাধীন হ’বলৈ সন্মত হোৱা নাছিল। তাৰ বাবে মান্তি কৰোৱাবলগীয়া হৈছিল পৰিয়ালটোক। ইটালীৰ পৰা ওভতাৰ পিছত আত্মীয়–স্বজনকো সাক্ষাৎ কৰিছিল পৰিয়ালটোৰ সদস্যই। বৰ্তমান হাস্পতালৰ আইছ’লেচন ৱাৰ্ডত পৃথকে পৃথকে ৰখা হৈছে পৰিয়ালটোক।
Published by: Sanjay Kumar Das
First published: March 8, 2020, 11:44 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading