Corona Assam : আজি নতুনকৈ আক্ৰান্ত ৪০৫ গৰাকীৰ ভিতৰত কামৰূপ মহানগৰত ১৪৫, কামৰূপ গ্ৰাম্যত ২৮, বৰপেটাত ২৩, ডিব্ৰুগড়ত ২৩, কাছাৰত ২০, যোৰহাটত ১৭ গৰাকী লোক আক্ৰান্ত হৈছে।
Corona Assam : আজি নতুনকৈ আক্ৰান্ত ৪০৫ গৰাকীৰ ভিতৰত কামৰূপ মহানগৰত ১৪৫, কামৰূপ গ্ৰাম্যত ২৮, বৰপেটাত ২৩, ডিব্ৰুগড়ত ২৩, কাছাৰত ২০, যোৰহাটত ১৭ গৰাকী লোক আক্ৰান্ত হৈছে।
অসমত কোৰোণাৰ দ্বিতীয় লহৰৰ ভয়ংকৰ সংক্ৰমণ অব্যাহত আছে। আজি অসমত নতুনকৈ আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ৪০০ৰ ঘৰ। আজি নুতনকৈ আক্ৰান্ত হ’ল ৪০৫গৰাকী। দিনটোত মৃত্যু হ’ল ২গৰাকী কোৰোণা আক্ৰান্তৰ।
শুকুৰবাৰে আক্ৰান্ত হৈছিল ২৮১গৰাকী লোক। শুকুৰবাৰৰ তুলনাত ১২৪ গৰাকী বেছি লোক আক্ৰান্ত হৈছে শনিবাৰে।
আজি কামৰূপ মহানগৰত আক্ৰান্ত হৈছে ১৪৫ গৰাকী, কামৰূপ গ্ৰাম্যত আক্ৰান্ত হৈছে ২৮ গৰকাী। বৰপেটাত ২৩, ডিব্ৰুগড়ত ২৩, কাছাৰত ২০, যোৰহাটত ১৭ গৰাকী লোক আক্ৰান্ত হৈছে।
বঙাইগাঁৱত আকোৰান্ত হৈছে ১৩ গৰাকী: চিৰাঙ, গোৱালপাৰা আৰু গোলাঘাটত ১২ গৰাকীকৈ, বাকছা আৰু নগাঁৱত ১১ গৰাকীকৈ লোক আক্ৰান্ত হৈছে। শোণিতপুৰত আক্ৰান্ত হৈছে ১০ গৰাকী লোক।
উল্লেখ্য যে যোৰহাট আৰু শোণিতপুৰত নিৰ্বাচনৰ ডিউটী কৰা আৰক্ষী জোৱানৰ দেহত ধৰা পৰিছে কোৰোণা ভাইৰাছ।
তেজপুৰত আৰক্ষীৰ যানবাহন শাখাৰ ASI জগত শইকীয়া আৰু গৃহৰক্ষী জোৱান ধনবৰ দাস কোভিড পজিটিভ৷ দুয়োজন ক্ৰমে বৰাক আৰু বৰপেটাত নিৰ্বাচনী কামত নিয়োজিত আছিল৷
মহানগৰীৰ চন্দ্ৰপুৰৰ চন্দ্ৰপুৰ হাইস্কুলত দুগৰাকী শিক্ষাৰ্থী হৈছে কোভিড পজিটিভ। দশম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থী দুগৰাকী কোৰোণা পজিটিভ পোৱাৰ পিছতে এসপ্তাহৰ বাবে বিদ্যালয় বন্ধৰ নির্দেশ দিছে কৰ্তৃপক্ষই।
আনহাতে বাক্সাৰ তামুলপুৰৰ নাগ্ৰিজুলীত কোৰোণা আক্ৰান্ত হৈ এজনৰ মৃত্যু হৈছে। মৃত লোকজন বাল্টিপাৰ গাঁৱৰ ছবিলাল খানাল। ছবিলালৰ সংস্পৰ্শলৈ অহা আন ৮ গৰাকী লোক আক্ৰান্ত কোৰোণাত।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|