দেশত কোৰোণাৰ ভয়ংকৰ পৰিস্থিতি চলি থকাৰ মাজতে এইবাৰ কোৰোণাৰ ভয়ে খেদিছে মাওবাদী সংগঠনক । বিগত কিছু সময় ধৰি ছত্তীশগড়ত সন্ত্ৰাসৰ কাৰণ হৈ পৰা মাওবাদী সংগঠনৰ সদস্য এতিয়া কোভিড১৯ত আক্ৰান্ত হোৱাৰ লগতে খাদ্যৰ বিষক্ৰিয়াৰ কৱলত পৰিবলগীয়া হৈছে ।
এসময়ত মহামাৰী কোৰোণা নামৰ কোনো ৰোগ নাই বুলি প্ৰচাৰ চলাই অহা বস্তাৰ অঞ্চলৰ মাওবাদী সংগঠনৰ সদস্য এতিয়া নিজেই সংক্ৰমিত হৈছে কোভিড১৯ত । যাৰ পৰিপ্ৰেক্ষিতত ছত্তীশগড় আৰক্ষীয়ে ইনামী নক্সালবাদীসকলক আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে মাওবাদীসকলক নিজা খৰচত চিকিৎসা কৰোৱাৰো আশ্বাস প্ৰদান দিছে।
বস্তাৰ ৰেঞ্জৰ আইজি পি সুন্দৰ ৰাজে এই সম্পৰ্কত নিউজ ১৮ক জনায় যে সম্প্ৰতি মাওবাদীসকল নিৰন্তৰ ৰূপত কোভিডত সংক্ৰমিত হৈছে । পূৰ্বে লোকসকলক এনে ধৰণৰ কোনো ৰোগ নাই বুলি দাবী কৰা দলটোৰ বহু সদস্যৰ লগতে স্বয়ং মাওবাদী প্ৰধানো সংক্ৰমিত হৈছে কোভিডত । আৰক্ষীৰ মতে, এই মাওবাদীসকলৰ বহুতৰ ওপৰত লাখ লাখ টকা পুৰস্কাৰ ঘোষণা কৰা হৈছে। সেয়েহে কোৰোণা সংক্ৰমিত মাওবাদীসকলক আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনাইছে যাতে সাধাৰণ গাঁওবাসীলৈ বিয়পি নপৰে কোভিডৰ সংক্ৰমণ ।
মাওবাদী দলৰ মুৰব্বী দণ্ডকাৰণ্যৰ সদস্য মাওবাদী সুজাতাও আক্ৰান্ত হৈছে কোভিড১৯ত । তদুপৰি মাওবাদী চনু আৰু দিনেশ জয়লাৰৰ উপৰি গড়ৱা সমিতিৰ ৩০ ৰ পৰা ৪০ গৰাকী সদস্যই সম্প্ৰতি কোভিডৰ সৈতে যুঁজি আছে । দান্তেৱাড়াৰ আৰক্ষী অধীক্ষক অভিষেক পল্লৱে এই সম্পৰ্কত কয় যে যিহেতু খাদ্য সামগ্ৰীৰ যোগান সম্প্ৰতি বন্ধ হৈ আছে। এনে পৰিস্থিতিত, মাওবাদীসকলে ম্যাদ উকলা সামগ্ৰী ব্যৱহাৰ কৰিবলগীয়া হৈছে । ইয়াৰ ফলত খাদ্যৰ বিষক্ৰিয়া সন্মুখীন হৈছে তেওঁলোক ৷ লগতে যদি কোভিড আক্ৰান্ত মাওবাদী চিকিৎসা কৰা নহয়, তেন্তে ইয়াৰ সংক্ৰমণ সাধাৰণ ৰাইজলৈ বিয়পি পৰিব, সেয়েহে মাওবাদীসকলক আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনোৱা হৈছে ।
লক্ষ্যণীয় যে বিগত ৪টা মাহৰ ভিতৰত আৰক্ষীয়ে মাওবাদীসকলক উচ্ছেদ কৰিবলৈ ৭ টা শিবিৰ স্থাপন কৰিছে। কোভিড সংক্ৰমণৰ বাবে সমগ্ৰ ৰাজ্য লকডাউনৰ কৱলত আছে। তেনেস্থলত ঔষধ আৰু ভিন্ন অত্যাৱশ্য়কীয় সামগ্ৰী মাওবাদীৰ ওচৰলৈ যোৱা নাই, ফলত খাদ্যৰ বিষক্ৰিয়া হৈছে তেওঁলোক ।
Published by: Kokil Sarma
FIRST PUBLISHED : May 10, 2021, 15:31 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।