উত্তৰ প্ৰদেশত কোৰোণাৰ দ্বিতীয় ঢৌত ২ সপ্তাহত ৪গৰাকী বিজেপি বিধায়কৰ মৃত্যু

News18 Assam | News18-Assam
Updated:May 7, 2021, 2:39 PM IST
উত্তৰ প্ৰদেশত কোৰোণাৰ দ্বিতীয় ঢৌত ২ সপ্তাহত ৪গৰাকী বিজেপি বিধায়কৰ মৃত্যু
কৰোনাৰ পৰা মুক্ত হৈ চিকিৎসালয় এৰিছিল যদিও পুনৰ কোভিডত আক্ৰান্ত হৈছিল দল বাহাদুৰ কোৰি

কৰোনাৰ পৰা মুক্ত হৈ চিকিৎসালয় এৰিছিল যদিও পুনৰ কোভিডত আক্ৰান্ত হৈছিল দল বাহাদুৰ কোৰি

  • Share this:

দেশৰ বাকী ৰাজ্যৰ লগতে উত্তৰ প্ৰদেশতো ঘটিছে কোৰোণাৰ দ্ৰুত সংক্ৰমণ। আজি ৰাজ্যখনৰ বিজেপিৰ বিধায়ক দল বাহাদুৰ কোৰিৰ কোভিডত মৃত্যু হয়। ৰাজ্যখনৰ চলোন সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰা বিধায়ক কোৰি বিগত এমাহ ধৰি লক্ষ্ণৌৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।


শেষৰ ফালে তেওঁ কৰোনাৰ পৰা মুক্ত হৈ চিকিৎসালয় এৰিছিল যদিও পুনৰ কোভিড পজিটিভ হয় আৰু অৱশেষত চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছত আজি মৃত্যুমুখত পৰে।


উত্তৰ প্ৰদেশত এতিয়ালৈকে কোৰোণাৰ দ্বিতীয় ঢৌত বিজেপিৰ ৪গৰাকী বিধায়কে প্ৰাণ হেৰুৱাৱলগীয়া হৈছে। ইয়াৰ পূৰ্বে ২৩ এপ্ৰিলত পশ্চিম লক্ষ্ণৌৰ বিজেপি বিধায়ক সুৰেশ কুমাৰ শ্ৰীবাস্তৱ মৃত্যু হোৱাৰ লগতে দুদিন পিছত তেওঁৰ পত্নীৰো মৃত্যু হয়।



আনহাতে ২২ এপ্ৰিলত ঔৰিয়াৰ বিধায়ক ৰমেশ চন্দ্ৰ দিৱাকাৰ আৰু নৱাবগঞ্জৰ বিধায়ক কেশৰ সিং গাংৱাৰৰ ২৮ এপ্ৰিলত কোৰোণাত মৃত্যু হৈছে। অকল বিজেপিয়েই নহয় ৰাজ্যখনৰ আন দলৰ নেতাও এই ভাইৰাছৰ চিকাৰ হৈছে। উল্লেখ্য ৰাজ্যখনত এতিয়ালৈ মুঠ ১৩,৯৯,২৯৪গৰাকী লোক কোৰোণাত আক্ৰান্ত হোৱাৰ লগতে প্ৰাণ হেৰুৱাইছে ১৪,১৫১গৰাকীয়ে। বৰ্তমান ৰাজ্যখনত এদিনত সৰ্বাধিক ৩১,১১১গৰাকী লোক কোভিডৰ দ্বাৰা সংক্ৰমিত হৈছে।

Published by: Gautam Barman
First published: May 7, 2021, 2:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি