লকডাউন নমনা ১১,৩১৭জন লোকৰ বিৰুদ্ধে ৩,৭১০খন FIR, ৫,৭৩২জনক গ্ৰেপ্তাৰ

News18 Assam | News18-Assam
Updated:March 28, 2020, 9:04 AM IST
লকডাউন নমনা ১১,৩১৭জন লোকৰ বিৰুদ্ধে ৩,৭১০খন FIR, ৫,৭৩২জনক গ্ৰেপ্তাৰ
৩ লাখ ৮১ হাজাৰ বাহনত তালাচী চলাই ১ কোটি ৯২ লাখ টকা জৰিমনা সংগ্ৰহ কৰা হৈছে।

৩ লাখ ৮১ হাজাৰ বাহনত তালাচী চলাই ১ কোটি ৯২ লাখ টকা জৰিমনা সংগ্ৰহ কৰা হৈছে।

  • Share this:
উত্তৰ প্ৰদেশত লকডাউন উলংঘন কৰা লোকৰ বিৰুদ্ধে গ্ৰহণ কৰা হৈছে কঠোৰ ব্যৱস্থা। আনহাতে, চৰকাৰে ক’লা ব্যৱসায়ীসকলৰ বিৰুদ্ধেও ব্যৱস্থা লোৱা আৰম্ভ কৰিছে। ৰাজ্যখনত লকডাউন ভংগ কৰা ১১,৩১৭জন লোকৰ বিৰুদ্ধে দাখিল কৰা হৈছে ৩,৭১০খন এফ আই আৰ। আনহাতে, ৫৭৩২জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ক’লা ব্যৱসায়ীৰ বিৰুদ্ধে দাখিল কৰা হৈছে ২০খন এজাহাৰ। ইয়াৰ উপৰি ৩ লাখ ৮১ হাজাৰ বাহনত তালাচী চলাই ১ কোটি ৯২ লাখ টকা জৰিমনা সংগ্ৰহ কৰা হৈছে।

অপৰ মুখ্য গৃহ সচিব অৱনীশ অৱস্থীয়ে শুকুৰবাৰে এক সংবাদমেলত কয় যে কোৰোণাৰ বিৰুদ্ধে তৎপৰতাৰে যুঁজ দিছে চৰকাৰে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাজ্যবাসীলৈ আহ্বান জনাইছে যে তেওঁলোক য’তেই আছে, তাতেই থাকক। ধৰ্মীয় স্থানত ভিৰ নকৰিবলৈও জনসাধাৰণক নিৰ্দেশ দিয়া হৈছে। লকডাউন উলংঘন কৰা লোকৰ বিৰুদ্ধে এতিয়া সষ্টম হৈ পৰিছে আৰক্ষী–প্ৰশাসন।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading