কোৰোণা ভাইৰাছত এদিনতে চীনত ২৫৪জনৰ মৃত্যু, নতুনকৈ ১৫ হাজাৰ লোক আক্ৰান্ত

চীনৰ পিছত জাপানত কোৰোণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা অধিক। জাপানত এইপৰ্যন্ত ২০৩জন লোক আক্ৰান্ত হৈছে।
চীনৰ পিছত জাপানত কোৰোণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা অধিক। জাপানত এইপৰ্যন্ত ২০৩জন লোক আক্ৰান্ত হৈছে।
- News18 Assam
- Last Updated: February 14, 2020, 9:12 AM IST
সংবাদ প্ৰতিষ্ঠানটোৰ মতে, দুমাহৰো অধিক সময় আগতে বিয়পা কোৰোণা ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যা বৃহস্পতিবাৰ পৰ্যন্ত ১৩৬৭জনলৈ বৃদ্ধি পাইছে। তদুপৰি আক্ৰান্ত লোকৰ সংখ্যা ৫৯,৮০৪জন। বিদেশত কোৰোণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৪৪০জন। ফিলিপাইনত মৃত্যু হৈছে এজন লোকৰ। চীনৰ পিছত জাপানত কোৰোণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা অধিক। জাপানত এইপৰ্যন্ত ২০৩জন লোক আক্ৰান্ত হৈছে।
ভাৰততো বৃদ্ধি পাইছে কোৰোণা ভাইৰাছৰ আতংক। কলকাতাত থাৰ্মেল স্ক্ৰীণিঙত দুজন লোকৰ দেহত এই ভাইৰাছ থকাৰ কথা নিশ্চিত হৈছে। কেৰালাতো নতুন ঘটনা পোহৰলৈ আহিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে কয় যে কোৰোণা ভাইৰাছৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে।