Covid 19 Assam: ভয়ংকৰ! অসমত এদিনতে ১৯৫ জন ক'ৰোনা আক্ৰান্ত। কেৱল গুৱাহাটীতে ১০৪ গৰাকী ক'ৰোনা পজিটিভ।

News18 Assam | News18-Assam
Updated:April 7, 2021, 10:55 PM IST
Covid 19 Assam: ভয়ংকৰ! অসমত এদিনতে ১৯৫ জন ক'ৰোনা আক্ৰান্ত। কেৱল গুৱাহাটীতে ১০৪ গৰাকী ক'ৰোনা পজিটিভ।
গুৱাহাটীতে ১০৪ গৰাকী ক'ৰোনা পজিটিভ। ডিব্ৰুগড়ত আক্ৰান্ত হৈছে ১৯ গৰাকী, কামৰূপ গ্ৰাম্য জিলাত  ১৬ গৰাকী আৰু তিনিচুকীয়াত ১২ গৰকাী আক্ৰান্ত হৈছে। এসপ্তাহত আক্ৰান্ত ৬১৫ গৰাকী।

গুৱাহাটীতে ১০৪ গৰাকী ক'ৰোনা পজিটিভ। ডিব্ৰুগড়ত আক্ৰান্ত হৈছে ১৯ গৰাকী, কামৰূপ গ্ৰাম্য জিলাত  ১৬ গৰাকী আৰু তিনিচুকীয়াত ১২ গৰকাী আক্ৰান্ত হৈছে। এসপ্তাহত আক্ৰান্ত ৬১৫ গৰাকী।

  • Share this:
অসমতো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ক'ৰোনাৰ দ্বিতীয় লহৰৰ সংক্ৰমণে। আজি এদিনতে অসমত আক্ৰান্ত হৈছে ১৯৫ গৰকাী লোক। ইয়াৰে কেৱল কামৰূপ মহানগৰ জিলাতে সৰ্বাধিক ১০৪ গৰাকী লোক আক্ৰান্ত হৈছে।

ডিব্ৰুগড়ত আক্ৰান্ত হৈছে ১৯ গৰাকী, কামৰূপ গ্ৰাম্য জিলাত  ১৬ গৰাকী আৰু তিনিচুকীয়াত ১২ গৰকাী আক্ৰান্ত হৈছে।

বুধবাৰে অসমত মুঠ সক্ৰিয়  ক'ৰোনা আক্ৰান্তৰ সংখ্যা হৈছে ৮৪৭ গৰাকী। ।

মঙলবাৰে অসমত আক্ৰান্ত হৈছিল ৯২ গৰাকী লোক আৰু  ক'ৰোনাত মৃত্যু হৈছিল ২জনৰ। উল্লেখ্য যে বিগত কেইবাদিন ধৰি ক্ৰমান্বয়ে বাঢ়ি আছে  ক'ৰোনা আক্ৰান্তৰ সংখ্যা। ৫ এপ্ৰিলত আক্ৰান্তৰ সংখ্যা আছিল ৭০ গৰাকী, ৪ এপ্ৰিলত আক্ৰান্ত হৈছিল ৬৯ গৰাকী আৰু মৃত্যু হৈছিল ২জনৰ। ৩ এপ্ৰিলত আক্ৰান্ত হৈছিল ৬৮ গৰাকী, ২ এপ্ৰিলত আক্ৰান্ত হৈছিল ৬৩ গৰাকী আৰু ১ এপ্ৰিলত আক্ৰান্ত হৈছিল  ৫৮ গৰাকী আৰু মৃত্যু হৈছিল ২ গৰাকীৰ।

১ এপ্ৰিলৰ পৰা এসপ্তাহত অসমত আক্ৰান্ত হৈছে  ৬১৫ গৰাকী লোক।
Published by: Manjumoni Borah
First published: April 7, 2021, 10:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি