ভাৰতত কোৰোণা ভাইৰাছত আক্ৰান্ত আৰু ১৯জনক চিনাক্ত, মুঠ আক্ৰান্তৰ সংখ্যা হ’লগৈ ১০৭

News18 Assam | News18-Assam
Updated:March 15, 2020, 1:19 PM IST
ভাৰতত কোৰোণা ভাইৰাছত আক্ৰান্ত আৰু ১৯জনক চিনাক্ত, মুঠ আক্ৰান্তৰ সংখ্যা হ’লগৈ ১০৭
Source-Google

কোৰোণা ভাইৰাছ প্ৰভাৱিত ইটালীত আবদ্ধ ২১৮জন ভাৰতীয় উপস্থিত হৈছে ভাৰতত।

  • Share this:
ভাৰতত কোৰোণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১০৭জনলৈ বৃদ্ধি। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে আজি দুপৰীয়া সদৰি কৰিছে এই তথ্য। কোৰোণা ভাইৰাছৰ বাবে অসমকে ধৰি বিভিন্ন ৰাজ্যত বন্ধ ঘোষণা কৰা হৈছে স্কুল–কলেজ, ছবিগৃহ আদি।

ইফালে, কোৰোণা ভাইৰাছ প্ৰভাৱিত ইটালীত আবদ্ধ ২১৮জন ভাৰতীয় উপস্থিত হৈছে ভাৰতত। বিদেশ ৰাজ্য মন্ত্ৰী ভি মুৰলীধৰণে কয় যে এই লোকসকলক ১৪ দিনৰ বাবে পৃথকে ৰখা হ’ব।

মুৰলীধৰণে টুইটযোগে জনায়, ‘মিলানৰ পৰা ২১১ ছাত্ৰসহ ২১৮জন ভাৰতীয় দিল্লীত উপস্থিত হৈছে। সকলোকে ১৪ দিনৰ বাবে পৃথকে ৰখা হ’ব। যিকোনো স্থানত বিপদত পৰা ভাৰতীয়ক ওভতাই অনাৰ বাবে ভাৰত চৰকাৰ বদ্ধপৰিকৰ।’ ইটালী চৰকাৰ, ইটালীত থকা ভাৰতীয় দল, এয়াৰ ইণ্ডিয়া আৰু বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ সহযোগিতাৰ বাবে ধন্যবাদ জনালে মুৰলীধৰণে।
Published by: Sanjay Kumar Das
First published: March 15, 2020, 1:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading