১৭২০, ১৮২০, ১৯২০ৰ পিছত ২০২০ : মহামাৰীৰ সন্ত্ৰাসত ত্ৰস্তমান বিশ্ব

News18 Assam | News18-Assam
Updated:March 12, 2020, 3:20 PM IST
১৭২০, ১৮২০, ১৯২০ৰ পিছত ২০২০ : মহামাৰীৰ সন্ত্ৰাসত ত্ৰস্তমান বিশ্ব
'২০' অংকটো ইয়াৰ বাবে চৰ্চিত হৈ পৰিছে। কাৰণ ১৭২০, ১৮২০ আৰু ১৯২০ চনতো মহামাৰীয়ে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰি গৈছে বিশ্বৰ বহু দেশত।

'২০' অংকটো ইয়াৰ বাবে চৰ্চিত হৈ পৰিছে। কাৰণ ১৭২০, ১৮২০ আৰু ১৯২০ চনতো মহামাৰীয়ে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰি গৈছে বিশ্বৰ বহু দেশত।

  • Share this:
অৱশেষত বিশ্ব স্বাস্থ্য সংস্থাই কোৰোণা ভাইৰাছক সমগ্ৰ বিশ্বতে বিয়পি পৰা মহামাৰীৰূপে ঘোষণা কৰিলে। এন্টাৰ্কটিকাক বাদ দি বাকী আটাইকেইখন মহাদেশকে গ্ৰাস কৰিছে কোৰোণা ভাইৰাছৰ আতংকই। ২০২০ চনটো ইতিহাসৰ বুকুত লিপিবদ্ধ হৈ ৰব কোৰোণা ভাইৰাছৰ মহামাৰীৰ বাবে। ১২ মাৰ্চৰ পুৱা পৰ্যন্ত সমগ্ৰ বিশ্বতে ১,২৫,৯৫৫ গৰাকী লোক এই ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে ৪,৬২৯ গৰাকী লোকৰ। কিন্তু আপুনি জানি আচৰিত হ’ব যে প্ৰতি এশ বছৰৰ অন্তত মহামাৰীৰ অনুৰূপ ঘটনা সংঘটিত হৈ আহিছে বিশ্বত।

'২০' অংকটো ইয়াৰ বাবে চৰ্চিত হৈ পৰিছে। কাৰণ ১৭২০, ১৮২০ আৰু ১৯২০ চনতো মহামাৰীয়ে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰি গৈছে বিশ্বৰ বহু দেশত। ১৭২০ চনৰ পৰা ২০২০ চনলৈকে প্ৰতি এশ বছৰৰ অন্তৰত সংঘটিত হৈ অহা এই মহামাৰীৰ সংহাৰ এক কাকতলীয়া সংযোগ নে কি তাৰ উত্তৰ বিছাৰি পাবলৈ টান।

১৭২০ চনৰ প্লেগ : ১৭২০ চনত ফ্ৰান্সৰ মাৰছিলি নামৰ চহৰখনত দেখা দিয়া বুবনিক প্লেগ নামৰ মাৰাত্মক ৰোগবিধে মহামাৰীৰ ৰূপ লৈছিল। এই ৰোগত মৃত্যু হৈছিল প্ৰায় ১ লাখ লোকৰ। মাৰছিলি আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত সংহাৰ চলাইছিল এই মহামাৰীয়ে।

১৮২০ চনৰ কলেৰা মহামাৰী : ১৮১৭ চনত ভাৰতত আৱিৰ্ভাব ঘটা কলেৰা মহামাৰীয়ে ১৮২০ চনত থাইলেণ্ড, ইণ্ডোনেছিয়া আৰু ফিলিপাইনছত প্ৰৱেশ কৰি চলোৱা তাণ্ডৱে সমগ্ৰ বিশ্বকে সচকিত কৰি তুলিছিল। অতি কম সময়ৰ ভিতৰতে মৃত্যু হৈছিল ১ লাখতকৈ অধিক লোকৰ। ইয়াৰ পিছতে এই ৰোগ বিয়পি পৰিছিল চীন আৰু জাপানলৈ। এছিয়াৰ পৰিধি পাৰ কৰি বাণিজ্যিক জাহাজৰ জৰিয়তে ওমান, ইউৰোপ, ৰাছিয়ালৈকে এই মহামাৰীয়ে গ্ৰাস কৰিছিল। প্ৰায় ছবছৰ ধৰি চলোৱা সংহাৰলীলাৰ পিছত ১৮২৩–২৪ চনত এই ৰোগ নিয়ন্ত্ৰণলৈ আহে।

১৯২০ চনৰ স্পেনিছ ফ্লু মহামাৰী : ১৯১৮ চনত আৱিৰ্ভাব ঘটা স্পেনিছ ফ্লু নামৰ অতিকৈ মাৰাত্মক ইনফ্লুৱেঞ্জা ৰোগবিধে মহামাৰীৰ ৰূপ ধাৰণ কৰি ১৯২০ চনৰ ডিচেম্বৰ পৰ্যন্ত সমগ্ৰ বিশ্বতে যেনেদৰে সংহাৰী ৰূপ ধাৰণ কৰে সেই কথা হয়তো কোনেও পাহৰিব নোৱাৰিব। সমগ্ৰ বিশ্বতে এই মহামাৰীত ৫ৰ পৰা ১০ কোটি লোকৰ মৃত্যু হৈছিল বুলি ধাৰণা কৰা হয়। আৰু এই ৰোগত সেই সময়ৰ বিশ্বৰ জনসংখ্যাৰ প্ৰায় 27% লোক আক্ৰান্ত হৈছিল।

বিগত ৩০০ বছৰত এটা শতিকাত তিনিটাকৈ ইনফ্লুৱেঞ্জা মহামাৰীৰে সংহাৰ চলাই আহিছে। ইটোৰ পিছত সিটোকৈ আৱিৰ্ভাব ঘটা ইনফ্লুৱেঞ্জা ভাইৰাছ সবাতোকৈ ঘাতক সাব্যস্ত হৈ আহিছে। এই শতিকাৰ শেহৰটো ইনফ্লুৱেঞ্জা মহামাৰী আছিল ২০০৯ চনৰ ছোৱাইন ফ্লু। এই বেমাৰত সেই সময়ৰ পৃথিৱীৰ জনসংখ্যাৰ ১১%ৰ পৰা ২১% লোক আক্ৰান্ত হৈছিল বুলি ধাৰণা কৰা হয়। আৰু এই ৰোগত ডেৰ লাখৰ পৰা ৫ লাখ ৭৫ হাজাৰ লোকৰ মৃত্যু হৈছিল। বিশ্ব জুৰি এই ৰোগসমূহত মানুহ আক্ৰান্ত হ’লেও ইয়াৰ ফলত হোৱা মৃত্যুৰ হাৰ অতি নগন্য। শেহতীয়াকৈ সমগ্ৰ বিশ্বকে জোকাৰি যোৱা কোৰোণা ভাইৰাছৰ সংক্ৰমণে ভৱিষ্যতে কেনে ৰূপ লয় সেয়া লক্ষণীয় হ’ব।
আৰু চাওক
পৰৱৰ্তী বাতৰি