মুখ্যপৃষ্ঠা » খবৰ

» Corona

»Corona in Barpeta : ১২ দিনত বৰপেটা মেডিকেল কলেজৰ ১৪ কৰ্মচাৰী কোৰোণাত আক্ৰান্ত, অধ্যক্ষক সুৰক্ষাৰ আহ্বান কৰ্মচাৰী সন্থাৰ ৷

Corona in Barpeta : ১২ দিনত বৰপেটা মেডিকেল কলেজৰ ১৪ কৰ্মচাৰী কোৰোণাত আক্ৰান্ত, অধ্যক্ষক সুৰক্ষাৰ আহ্বান কৰ্মচাৰী সন্থাৰ ৷

News18 Assam | News18-Assam
Updated:July 7, 2021, 10:32 PM IST
Corona in Barpeta : ১২ দিনত বৰপেটা মেডিকেল কলেজৰ ১৪ কৰ্মচাৰী কোৰোণাত আক্ৰান্ত, অধ্যক্ষক সুৰক্ষাৰ আহ্বান কৰ্মচাৰী সন্থাৰ ৷
বৰপেটা মেডিকেল কলেজৰ প্ৰশাসনীয় কাৰ্যালয়ত কৰ্মৰত ২৫ জনৰ ভিতৰত ১৪ জন কৰ্মচাৰীৰ দেহতে কোৰোণাৰ অৱস্থিতি ধৰা পৰিছে।

বৰপেটা মেডিকেল কলেজৰ প্ৰশাসনীয় কাৰ্যালয়ত কৰ্মৰত ২৫ জনৰ ভিতৰত ১৪ জন কৰ্মচাৰীৰ দেহতে কোৰোণাৰ অৱস্থিতি ধৰা পৰিছে।

  • Share this:
বৰপেটাত তুলনামূলকভাৱে হ্ৰাস পাইছে কোৰোণাত আক্ৰান্তৰ সংখ্যা ৷ কিন্তু ইয়াৰ মাজতেই বৰপেটা মেডিকেল কলেজৰ ১৪ জন কৰ্মচাৰী কোৰোণাত আক্ৰান্ত হৈছে ৷ বিগত কেইটামান দিনৰ ভিতৰতে বৰপেটা মেডিকেল কলেজত কৰ্মৰত এজনৰ পিছত আনজন কৰ্মচাৰী কোৰোণাত আক্ৰান্ত হৈছে ৷ যোৱা ২৬ জুনৰ পৰা আজিলৈ ১২ দিনত ১৪ জন কৰ্মচাৰী কোৰোণাত আক্ৰান্ত হৈছে ৷

বৰপেটা মেডিকেল কলেজৰ এজনৰ পিছত আনজন কৰ্মচাৰী কোৰোণাত আক্ৰান্ত হোৱাক লৈ কৰ্মচাৰীসকল উদ্বিগ্ন হৈ পৰিছে ৷ বিশেষকৈ মেডিকেল কলেজৰ প্ৰশাসনীয় কাৰ্যালয়ত কৰ্মৰত ২৫ জন কৰ্মচাৰীৰ ভিতৰত ১৪ জন কৰ্মচাৰীৰ দেহতে কোৰোণাৰ অৱস্থিতি ধৰা পৰাক লৈ কৰ্মচাৰীসকল একপ্ৰকাৰ উদ্বিগ্ন হৈ পৰিছে ৷ এইক্ষেত্ৰত কৰ্মচাৰীসকলৰ প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা অথবা সম্ভৱ হ'লে কিছুদিনৰ বাবে কন্টেইনমেন্ট জ'ন ঘোষণা কৰিবলৈ বৰপেটা মেডিকেল কলেজ হাস্পতাল কৰ্মচাৰী সন্থাই অধ্যক্ষক অনুৰোধ জনাইছে ৷
Published by: Manjumoni Borah
First published: July 7, 2021, 10:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি