কোৰোণা ভাইৰাছ : দেশৰ ১৩খন ৰাজ্য আৰু ৮০খন জিলা লকডাউন, কেৱল জৰুৰীকালীন সেৱা থাকিব অব্যাহত

News18 Assam | News18-Assam
Updated:March 23, 2020, 8:01 AM IST
কোৰোণা ভাইৰাছ : দেশৰ ১৩খন ৰাজ্য আৰু ৮০খন জিলা লকডাউন, কেৱল জৰুৰীকালীন সেৱা থাকিব অব্যাহত
লকডাউনৰ সময়ত প্ৰয়োজনী সেৱাসমূহ অব্যাহত থাকিব।

লকডাউনৰ সময়ত প্ৰয়োজনী সেৱাসমূহ অব্যাহত থাকিব।

  • Share this:
কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ ফলত দেশত এতিয়ালৈ ৭জন লোকৰ মৃত্যু ঘটিছে। পৰিস্থিতিলৈ লক্ষ্য ৰাখি প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি যাত্ৰীবাহী ৰে’ল, আন্তঃৰাজ্যিক বাছসেৱা আৰু মেট্ৰ’ সেৱা ৩১ মাৰ্চলৈ স্থগিত ৰাখিছে। ইফালে, কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা দেশৰ ৮০খন জিলাত লকডাউনৰ উপৰি, ১৩খন ৰাজ্যৰ চৰকাৰেও নিজৰ ৰাজ্য লকডাউন ঘোষণা কৰিছে।

এই ৰাজ্যসমূহ হ’ল মহাৰাষ্ট্র, কেৰালা, হাৰিয়াণা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিম বংগ, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, পঞ্জাব, দিল্লী, নাগালেণ্ড, ঝাৰখণ্ড আৰু ৰাজস্থান। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশ, পশ্চিম বংগত ২৭ মাৰ্চলৈ লকডাউন ঘোষণা কৰাৰ লগতে বাকী ৰাজ্যসমূহ ৩১ মাৰ্চলৈ লকডাউন কৰা হৈছে।

লকডাউনৰ সময়ত প্ৰয়োজনী সেৱাসমূহ অব্যাহত থাকিব। এই লকডাউনৰ সময়ছোৱাত ঔষধৰ দোকান, ৰেচনৰ দোকান, দুগ্ধ উৎপাদন কেন্দ্ৰ, পেট্ৰ’ল পাম্প, বেংক, পোষ্ট অফিচ, এ টি এম আৰু সংবাদ মাধ্যমৰ কাৰ্যালয় আদি বন্ধ নাথাকে।

এই লকডাউনত ব্যক্তিগত কাৰ্যালয়, অপ্ৰয়োজনীয় সামগ্ৰীৰ দোকান আৰু পৰিবহণ সেৱা সম্পূৰ্ণৰূপে বন্ধ থাকিব। লকডাউনৰ সময়ত জাৰি থাকিব ১৪৪ ধাৰা। দিল্লীত মেট্ৰ’ সেৱা ৩১ মাৰ্চলৈ বন্ধ থাকিব। ঘৰুৱা বিমানৰ উৰণতো নিষেধাজ্ঞা জাৰি কৰা হৈছে।
Published by: Sanjay Kumar Das
First published: March 23, 2020, 8:01 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading