এটা পৰিয়ালৰে ১২জন লোক আক্ৰান্ত কোৰোণা ভাইৰাছত, হজৰ পৰা উভতিছিল ৪ সদস্য

News18 Assam | News18-Assam
Updated:March 27, 2020, 8:55 AM IST
এটা পৰিয়ালৰে ১২জন লোক আক্ৰান্ত কোৰোণা ভাইৰাছত, হজৰ পৰা উভতিছিল ৪ সদস্য
ফাইল ফটো

পৰিয়ালটোৰ সৈতে সম্পৰ্কলৈ অহা সকলো লোকৰে নমুনা সংগ্ৰহ কৰি থকা হৈছে।

  • Share this:
মহাৰাষ্ট্রত কোৰোণা ভাইৰাছ দ্ৰুতগতিত সংক্ৰমিত হৈছে। এতিয়ালৈকে ৰাজ্যখনত ১৩০জন লোক আক্ৰান্ত হৈছে এই ভাইৰাছত। ইয়াৰ মাজতে আহিছে এক অত্যন্ত দুখজনক খবৰ। কোলহাপুৰৰ সমীপৰ এটা পৰিয়ালৰ ১২জন লোক আক্ৰান্ত হৈছে কোৰোণাত। প্ৰথমে ২৩ মাৰ্চত পৰিয়ালটোৰ ৪ সদস্যৰ পৰীক্ষা কৰা হৈছিল। এই সদস্যকেইজন হজৰ পৰা উভতিছিল।

টাইম্ছ অব ইণ্ডিয়াৰ খবৰ অনুসৰি, এই পৰিয়ালটো ছাংগলী জিলাৰ ইছলামপুৰ গাঁৱৰ বাসিন্দা। প্ৰথমে হজৰ পৰা ওভতা পৰিয়ালটোৰ চাৰিজন সদস্যক আইছ’লেচনত ৰখা হয়। ২৩ মাৰ্চত চাৰিওজনৰে ৰিপ’ৰ্ট পজিটিভ আহিছিল।

২৫ মাৰ্চত পৰিয়ালটোৰ আন ৫জন সদস্যৰ পৰীক্ষা কৰা হয়। এই ৫জনৰ দেহতো কোৰোণা পজিটিভ পোৱা যায়। তাৰ পিছত স্বাস্থ্য বিভাগৰ দলে পৰিয়ালটোৰ আৰু ৩জন লোকক পৰীক্ষাৰ বাবে মাতে। এই তিনিজনৰ দেহতো ধৰা পৰে কোৰোণা পজিটিভ। এইদৰে এটা পৰিয়ালৰে ১২জন সদস্য পৰিছে কোৰোণাৰ কবলত।

পৰিয়ালটোৰ সৈতে সম্পৰ্কলৈ অহা সকলো লোকৰে নমুনা সংগ্ৰহ কৰি থকা হৈছে। এই সকলোবোৰ ৰিপ’ৰ্ট শুকুৰবাৰে আহিব। কোৰোণাৰ এই চেইন আৰু দীঘলীয়া হ’ব পাৰে বুলি শংকা প্ৰকাশ কৰিছে চিকিৎসকে। অৰ্থাৎ গাঁওখনৰ আৰু লোক কোৰোণাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি