• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • Covishield ৰ দুয়োটা পালিৰ মাজত ১০ মাহৰ ব্যৱধান অধিক কাৰ্যকৰী ! Oxfordৰ নতুন অধ্যয়নত প্ৰকাশ নতুন তথ্য...

Covishield ৰ দুয়োটা পালিৰ মাজত ১০ মাহৰ ব্যৱধান অধিক কাৰ্যকৰী ! Oxfordৰ নতুন অধ্যয়নত প্ৰকাশ নতুন তথ্য...

এতিয়া অক্সফৰ্ডৰ এক নতুন অধ্যয়নত কোৱা হৈছে যে যদি ভেকছিনৰ দুটা পালিৰ মাজৰ সময়ৰ ব্যৱধান ১০ মাহৰ বাবে ৰখা হয়, ক'ৰোনাৰ বিৰুদ্ধে ৰোগ প্ৰতিৰোধ ক্ষমতাই ভালদৰে কাম কৰিব।

  • Share this:
অক্সফৰ্ড-এষ্ট্ৰজেনেকা ভেকছিনৰ (Oxford-Astrazeneca Vaccine) দুটা পালিৰ মাজৰ সময়ৰ ব্যৱধানক লৈ বিতৰ্ক অব্যাহত আছে। এতিয়া অক্সফৰ্ডৰ এক নতুন অধ্যয়নত কোৱা হৈছে যে যদি ভেকছিনৰ দুটা পালিৰ মাজৰ সময়ৰ ব্যৱধান ১০ মাহৰ বাবে ৰখা হয়, ক'ৰোনাৰ বিৰুদ্ধে ৰোগ প্ৰতিৰোধ ক্ষমতাই ভালদৰে কাম কৰিব। অধ্যয়নটোৱে লগতে কয় যে তৃতীয় বুষ্টাৰ শ্বট প্ৰয়োগ কৰিলেও, ই এণ্টিবডী বৃদ্ধি কৰাত যথেষ্ট কাৰ্যকৰী হ'ব।

এই অধ্যয়নটোৱে ভেকছিনৰ অভাৱৰ সন্মুখীন হোৱা দেশবোৰত টিকাকৰণ কাৰ্যসূচী সুচাৰুৰূপে চলাত সহায় কৰিব বুলি বিশ্বাস কৰা হয়। অধ্যয়নটোত দেখা গৈছে যে ভেকছিনৰ প্ৰথম পালিৰ পিছত এণ্টি-বডীপ্ৰায় এবছৰ ধৰি থাকে। বুষ্টাৰ পালিটো দ্বিতীয় পালিৰ ছয় মাহ পিছত দিয়া হ'ব বুলি কোৱা হয়।

ভাৰতীয় চিৰাম ইনষ্টিটিউট অক্সফৰ্ড-এষ্ট্ৰজেনেকা ভেকছিনৰ অংশীদাৰ হৈ আছে। ভেকছিনটো ভাৰতৰ চিৰাম ইনষ্টিটিউটৰ দ্বাৰা পৰীক্ষণ কৰা হৈছিল। চিৰাম ইনষ্টিটিউটে ভেকছিনটোৰ নাম কভিশ্বিল্ড ৰাখিছে। ভাৰতত বৰ্তমান ভেকছিনৰ সৰ্বাধিক যোগান আছে। ভাৰতত ভেকছিনৰ সময়ৰ ব্যৱধান কেইবাবাৰো সলনি কৰা হৈছে। এই মুহূৰ্তত, ইয়াৰ সময়ৰ ব্যৱধান হৈছে ১২-১৬ সপ্তাহ।

ভেকছিনৰ দ্ৰুত উৎপাদন
জুন মাহত এতিয়ালৈকে ১০ কোটিতকৈও অধিক কভিশ্বিল্ড ভেকছিন ৰ পালি প্ৰস্তুত কৰা হৈছে। কোভিড মহামাৰীৰ তৃতীয় ঢৌৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতত টিকাকৰণৰ গতি বৃদ্ধি কৰা হৈছে। ২১ জুনত ভাৰতত আৰম্ভ হোৱা দেশব্যাপী বিনামূলীয়া কোভিড-১৯ টিকাকৰণ অভিযানৰ পিছত যোৱা ছয় দিনত প্ৰতিদিনে গড়ে ৬৯ লাখ পালি প্ৰদান কৰা হৈছে।
Published by:Kokil Sarma
First published: