ক'ভিডক জয় কৰি ঘৰলৈ উভতিল ১০৫ বছৰীয়া ককা আৰু ৯৫ বছৰীয়া আইতা

News18 Assam | News18-Assam
Updated:April 28, 2021, 1:29 PM IST
ক'ভিডক জয় কৰি ঘৰলৈ উভতিল ১০৫ বছৰীয়া ককা আৰু ৯৫ বছৰীয়া আইতা
Representative image.

বিগত ৯টা দিনে কোৰোণাৰ সৈতে সংগ্ৰাম কৰি অৱশেষত ঘৰলৈ উভতিল মহাৰাষ্ট্ৰৰ লাতুৰৰ টাণ্ডা গাঁৱৰ ১০৫ বছৰীয়া ককা আৰু ৯৫ বছৰীয়া আইতা ।

  • Share this:
কোৰোণাৰ দ্বিতীয় ঢৌত বিধ্বস্ত হৈ ভাৰতে এতিয়া এক কঠিন সময়ৰ সৈতে যুঁজ দি আছে । দেশত কোভিডৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাও ২লাখলৈ বৃদ্ধি পাইছে । দিল্লী, পঞ্জাৱ, মধ্য প্ৰদেশ আৰু গুজৰাটৰ দৰে ৰাজ্যত কোভিড সংক্ৰমিত ঘটনা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ লগতে মহাৰাষ্ট্ৰত সৰ্বাধিক সংখ্যক লোকৰ মৃত্যু হৈছে ।

কিন্তু কোভিডকালৰ এই পৰিস্থিতিৰ মাজতে পোহৰলৈ আহিছে এটা ভাল খবৰ । বিগত ৯টা দিনে কোৰোণাৰ সৈতে সংগ্ৰাম কৰি অৱশেষত শেহতীয়াকৈ কোভিডক জয় কৈ সুস্থ হৈ ঘৰলৈ উভতিল মহাৰাষ্ট্ৰৰ লাতুৰৰ টাণ্ডা গাঁৱৰ এক বৃদ্ধা দম্পতী । জানিব পৰা এই বৃদ্ধ দম্পতীহালৰ স্বামীৰ বয়স ১০৫ বছৰ আৰু পত্নীৰ বছৰ হৈছে ৯৫ ।

কোভিডত সংক্ৰমিত হোৱাৰ পিছতে বৃদ্ধ দম্পতী ডেনু চৱন আৰু মোতাবাইক বিলাসৰাও দেশমুখ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ভৰ্তি কৰোৱা হৈছিল । তেওঁলোকৰ পুত্ৰ সুৰেশ চৱনে বৃদ্ধ পিতৃ-মাতৃৰ বয়সৰ বাবে তেওঁলোক সুস্থ হৈ উঠাৰ বিষয়টোক লৈ সন্দেহত আছিল যদিও দম্পতীহালে কোৰোণা ভাইৰাছক পৰাস্ত কৰি বিজয়ী হৈছিল।

বৃদ্ধ দম্পতীৰ চিকিৎসাৰ দায়িত্বত থকা চিকিৎসকসকলে তেওঁলোকৰ আৰোগ্যৰ বাবে আগতীয়া ৰোগ নিৰ্ণয় আৰু সময়মতে চিকিৎসা প্ৰদান দিছিল। টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি, পৰিয়ালটোৰ তিনিগৰাকী সন্তান আৰু বৃদ্ধ দম্পতীসহ মুঠ পাঁচগৰাকী সদস্য ভাইৰাছত আক্ৰান্ত হৈছিল আৰু ২৪ মাৰ্চত তেওঁলোকৰ ফলাফলা পজিটিভ আহিছিল। এই সম্পৰ্কত পুত্ৰ সুৰেশে কৈছিল "মোৰ মা-দেউতাই যথেষ্ট জ্বৰ হৈছিল আৰু দেউতাৰ পেটতো তীব্ৰ বিষ হৈছিল আৰু সেয়েহে মই তেওঁলোক দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰাৰ সিদ্ধান্ত লৈছিলো ।"

সুৰেশে লগতে কয় যে তেওঁ প্ৰথমতে বৃদ্ধ পিতৃ-মাতৃক চিকিৎসালয়ত ভৰ্তি কৰিবলৈ ভয় খাইছিল । যদিও ভাবিছিল যে এইটোৱেই তেওঁলোকৰ জীৱন ৰক্ষা কৰাৰ একমাত্ৰ উপায়। সেয়েহে তেওঁ অৱশেষত পিতৃ-মাতৃক গাঁৱৰ পৰা বহু দূৰৈত অৱস্থিত এখন চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱাইছিল।

দম্পতীহালৰ চিকিৎসাৰ দায়িত্বত থকা ডাঃ গজানন হালকাঞ্চে কৈছিল, "তেওঁলোকৰ চিটি নম্বৰ আছিল ১৫/২৫, যি তেওঁলোকৰ বয়সৰ বাবে এক চিন্তাৰ বিষয় আছিল। তেওঁলোক অক্সিজেন সমৰ্থনত আছিল আৰু তেওঁলোকক এণ্টিভাইৰেল ৰেমডেচিভিৰৰ পাঁচটা ড'জও দিয়া হৈছিল।"
Published by: Kokil Sarma
First published: April 28, 2021, 1:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি