কোৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজত জিকিল এগৰাকী ১০৩ বছৰীয়া মহিলা, ৬ দিনতে উভতিল ঘৰলৈ

News18 Assam | News18-Assam
Updated:March 12, 2020, 5:02 PM IST
কোৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজত জিকিল এগৰাকী ১০৩ বছৰীয়া মহিলা, ৬ দিনতে উভতিল ঘৰলৈ
মহিলাগৰাকীৰ দেহত কোনো গুৰুতৰ লক্ষ্যণ নাছিল বাবে শীঘ্ৰে আৰোগ্য লাভ কৰিবলৈ সক্ষম হয়।

মহিলাগৰাকীৰ দেহত কোনো গুৰুতৰ লক্ষ্যণ নাছিল বাবে শীঘ্ৰে আৰোগ্য লাভ কৰিবলৈ সক্ষম হয়।

  • Share this:
কোৰোণা ভাইৰাছে সমগ্ৰ বিশ্বতে বিভীষিকাৰ সৃষ্টি কৰাৰ সময়তে এগৰাকী ১০৩ বছৰীয়া মহিলাই পৰাজিত কৰিছে এই মাৰাত্মক ভাইৰাছক। এইপৰ্যন্ত কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ আৰোগ্য হোৱা লোকৰ ভিতৰত এই মহিলাগৰাকী সবাতোকৈ বয়োজ্যেষ্ঠ।

এই মহিলাগৰাকী কোৰোণাত আক্ৰান্ত হোৱা বুলি কম সময়ৰ ভিতৰতে চিনাক্ত কৰা হৈছিল আৰু তাৰ পিছতে ভৰ্তি কৰোৱা হৈছে হাস্পতালত। আচৰতি কথাটো হ’ল মাত্ৰ ৬ দিনতে আৰোগ্য হৈ ঘৰলৈ উভতিল মহিলাগৰাকী।

চীনৰ ১০৩ বছৰীয়া মহিলাগৰাকী এই ভাইৰাছত আক্ৰান্ত হোৱাৰ লক্ষ্যণ দেখা দিয়াৰ পিছতে শীঘ্ৰে ভৰ্তি কৰোৱা হৈছিল য়ুহান চহৰৰ এখন হাস্পতালত। নিয়মীয়া চিকিৎসাত কেৱল ৬ দিনতে আৰোগ্য হৈ উঠে মহিলাগৰাকী। চিকিৎসকৰ মতে, মহিলাগৰাকীৰ দেহত কোনো গুৰুতৰ লক্ষ্যণ নাছিল বাবে শীঘ্ৰে আৰোগ্য লাভ কৰিবলৈ সক্ষম হয়।
আৰু চাওক
পৰৱৰ্তী বাতৰি