বিশ্বজুৰি কোৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১ লাখ অতিক্ৰম, ভাৰতত আক্ৰান্ত ৩৪জন

News18 Assam | News18-Assam
Updated:March 8, 2020, 8:03 AM IST
বিশ্বজুৰি কোৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১ লাখ অতিক্ৰম, ভাৰতত আক্ৰান্ত ৩৪জন
আনহাতে, কলম্বিয়া আৰু কোষ্টাৰিকাতো এই ভাইৰাছৰ অৱস্থিতি পোৱা গৈছে।

আনহাতে, কলম্বিয়া আৰু কোষ্টাৰিকাতো এই ভাইৰাছৰ অৱস্থিতি পোৱা গৈছে।

  • Share this:
বিশ্বজুৰি কোৰোণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাই শনিবাৰে পাৰ কৰিলে ১ লাখ। ইফালে, ভাৰতত শনিবাৰে আৰু ৩জন লোকৰ দেহত ধৰা পৰিছে কোৰোণা ভাইৰাছ। ভাৰতত এইপৰ্যন্ত ৩৪জন লোক আক্ৰান্ত হৈছে এই মাৰাত্মক ভাইৰাছত। বিশ্ব স্বাস্থ্য সংস্থা (WHO)-এ এই বীজাণুৰ সংক্ৰমণৰ বিষয়টো অত্যন্ত চিন্তাজনক বুলি মন্তব্য কৰিছে। কোৰোণা ভাইৰাছৰ বাবে এতিয়ালৈকে প্ৰায় ৩৫০০জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৯২খন দেখত ১ লাখৰো অধিক লোক আক্ৰান্ত হৈছে।

আনহাতে, কলম্বিয়া আৰু কোষ্টাৰিকাতো এই ভাইৰাছৰ অৱস্থিতি পোৱা গৈছে। আমেৰিকাৰ ফ্লৰিডাত কোৰোণা ভাইৰাছত আক্ৰান্ত দুজন লোকৰ মৃত্যু হৈছে। দেশখনত এইপৰ্যন্ত ১৬জন লোকৰ মৃত্যু হৈছে। দক্ষিণ কোৰিয়াত ৭০০০ৰো অধিক লোক আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে। আনহাতে, শনিবাৰ পৰ্যন্ত ইৰাণত এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈ ২১জন লোকৰ মৃত্যু হৈছে। মুঠ ১৪৫জন লোকৰ এইপৰ্যন্ত মৃত্যু হৈছে ইৰাণত।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading