শেহতীয়াকৈ কেন্দ্ৰীয় লোকসেৱা আয়োগে নিজৰ সকলো নিযুক্তি পৰীক্ষাৰ বাবে ‘ৱান টাইম ৰেজিষ্ট্ৰেচন’ৰ সুবিধা আৰম্ভ কৰিছে। এতিয়াৰ পৰা ইউ পি এছ চিয়ে অনুষ্ঠিত কৰিবলগীয়া বিভিন্ন পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীসকলে আৰু পৃথকে পঞ্জীয়ন কৰিব নালাগে। পূৰ্বতে বিভিন্ন নিযুক্তি পৰীক্ষাৰ বাবে আবেদন কৰাৰ সময়ত প্ৰতিবাৰেই তেওঁলোকৰ মূল বিৱৰণ পূৰণ কৰিব লগা হৈছিল।
ভৱিষ্যতে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ যিকোনো পৰীক্ষাৰ বাবে আবেদন কৰিব বিচৰা প্ৰাৰ্থীসকলে প্ৰথমে ‘ৱান টাইম ৰেজিষ্ট্ৰেচন’ প্লেটফৰ্মত নিজকে পঞ্জীয়ন কৰিব লাগিব।
'ৱান টাইম ৰেজিষ্ট্ৰেচন'ৰ পৰা লাভৱান হ'ব পৰীক্ষাৰ্থী
আয়োগৰ মতে, ‘ৱান টাইম ৰেজিষ্ট্ৰেচন’ই প্ৰাৰ্থীসকলক বহু সুবিধা কঢ়িয়াই আনিব যেনেকৈ তেওঁলোকে মাত্ৰ এবাৰহে ব্যক্তিগত তথ্য পূৰণ কৰিব লাগিব। প্ৰাৰ্থীয়ে নিজৰ প্ৰয়োজনীয় নথি-পত্ৰ এবাৰহে আপলোড কৰিব লাগিব। প্ৰাৰ্থীসকলৰ ব্যক্তিগত তথ্য আৰু নথি-পত্ৰ ২৪×৭ ৱেবছাইটত উপলব্ধ হ’ব যিটো যিকোনো সময়তে আপডেট কৰিব পাৰিব। ‘ৱান টাইম ৰেজিষ্ট্ৰেচন’ত আপলোড কৰা তথ্যসমূহ ডিজিটেলভাৱে উপলব্ধ হ’ব। আয়োগৰ অধিসূচনাৰ অধীনত আবেদন কৰাৰ সময়ত ব্যক্তিগত তথ্য আৰু প্ৰি-আপলোড কৰা নথি-পত্ৰসমূহ স্বয়ংক্ৰিয়ভাৱে পূৰণ কৰা হ’ব।
প্ৰতি বছৰে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগ/সংগঠনৰ বিষয়া নিৰ্বাচনৰ বাবে ইউ পি এছ চিয়ে ভাৰতীয় অসামৰিক সেৱা, চি ডি এছ আদিৰ দৰে বহুতো পৰীক্ষা অনুষ্ঠিত কৰে, য’ত বৃহৎ সংখ্যক পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণৰ বাবে আবেদন কৰে। অ’টিআৰ প্লেটফৰ্মৰ জৰিয়তে তেওঁলোকে সময় আৰু প্ৰক্ৰিয়া ৰাহি কৰি সহজ কৰি তোলাত সহায় কৰিব।
এবাৰ পঞ্জীয়নৰ বাবে প্ৰয়োজনীয় বিৱৰণ
প্ৰাৰ্থীৰ নাম, লিংগ, জন্ম তাৰিখ, মাতৃ আৰু পিতৃৰ নাম, সংখ্যালঘু অৱস্থা, মোবাইল নম্বৰ, ইমেইল আইডি, দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ ৰোল নম্বৰ, আৰু ২টা নিৰাপত্তাৰ প্ৰশ্ন সোধা হ’ব।
'ৱান টাইম ৰেজিষ্ট্ৰেচন' কেনেকৈ কৰিব?
Step-2 হোম পেজত 'UPSC ৰ পৰীক্ষাৰ বাবে ৱান টাইম ৰেজিষ্ট্ৰেচন (OTR)' লিংকটোত ক্লিক কৰক।
Step-3 নতুন পেজ খোল খাব, ইয়াত আপুনি আপোনাৰ প্ৰয়োজনীয় বিৱৰণ পূৰণ কৰি পঞ্জীয়ন কৰক
Step-4 লগইন প্ৰমাণপত্ৰসমূহ পঞ্জীয়নভুক্ত ই-মেইললৈ প্ৰেৰণ কৰা হ’ব, সহায়ত লগ ইন কৰক
স্তৰ-৫ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|