ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিছন, অসামৰিক সেৱা পৰীক্ষা বা ইউপিএছচি চিএছই প্ৰিলিমচ ২০২২ৰ আবেদন প্ৰক্ৰিয়া আজি ২২ ফেব্ৰুৱাৰী তাৰিখে সমাপ্ত হ'ব। UPSC ২০২২ তাৰিখ অনুসৰি আই.এ.এছ. প্ৰিলিমছ (IAS Prelims) আৰু আই.এফ.এছ. (IFS) দুয়োটা পৰীক্ষাৰ বাবে পঞ্জীয়ন আজি সমাপ্ত হ'ব। যিসকল প্ৰাৰ্থীয়ে অসামৰিক সেৱা পৰীক্ষা ২০২২ত অৱতীৰ্ণ হোৱাৰ লক্ষ্য ৰাখে, এতিয়া অফিচিয়েল ৱেবছাইটত আবেদন কৰিব পাৰে – upsc.gov.in।
ইউপিএছচি প্ৰিলিমছ ২০২২ (UPSC Prelims 2022)ৰ পঞ্জীয়ন কাইলৈ সন্ধিয়া ৬ বজাত বন্ধ হ'ব। ইউ.পি.এছ.চি. পৰীক্ষা কেলেণ্ডাৰ অনুসৰি সকলো প্ৰাৰ্থীৰ বাবে ৫ জুন, ২০২২ তাৰিখে আই.এ.এছ. আৰু আই.এফ.এছ. প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হ'ব। যিসকলে এইবোৰত যোগ্যতা অৰ্জন কৰে তেওঁলোক পৰৱৰ্তী ৰাউণ্ড বা মেইনপৰীক্ষাত অৱতীৰ্ণ হ'বলৈ যোগ্য হ'ব।
ইউ.পি.এছ.চি. প্ৰিলিমছ ২০২২: চি.এছ.ই., আই.এফ.এছ. পৰীক্ষাৰ বাবে কেনেদৰে আবেদন কৰিব লাগে
-প্ৰাৰ্থীসকলে ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিছনৰ অফিচিয়েল ৱেবছাইট চাব লাগিব –
upsc.gov.in
-হোমপেজত, Active Examination sectionলৈ যাওক আৰু তাৰ পিছত Civil Services Preliminary Exam বা Indian Forest Services Preliminary Exam ক্লিক কৰক।
-বিকল্প ৰূপে প্ৰাৰ্থীসকলে ইয়াত দিয়া পোনপটীয়া লিংকবোৰত ক্লিক কৰিব পাৰে – UPSC IAS Prelims 2022 | UPSC IFS Prelims 2022.
-সকলো বিৱৰণ দি আৰু প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰি আবেদন পত্ৰপূৰণ কৰক।
-আৱেদন মাচুল পৰিশোধ কৰক আৰু submitত ক্লিক কৰক।
-আপোনাৰ ইউপিএছচি চিএছই প্ৰিলিমচ ২০২২ আৰু ইউপিএছচি আইএফএছ পৰীক্ষাৰ প্ৰপত্ৰ দাখিল কৰা হ'ব।
-ভৱিষ্যতৰ প্ৰসংগৰ বাবে ইয়াৰ এটা প্ৰতিলিপি ডাউনলোড আৰু প্ৰিণ্ট কৰক।
প্ৰাৰ্থীসকলে মন কৰিব লাগিব যে ইউপিএছচি চিএছই প্ৰিলিমচ ২০২২ (UPSC CSE Prelims 2022) আৰু আইএফএছ প্ৰাৰম্ভিক ( IFS Preliminary) দুয়োটা একে তাৰিখতে অনুষ্ঠিত হ'ব। এইবাৰ, আই.এ.এছ. প্ৰাৰ্থীসকলৰ বাবে প্ৰায় ৮৬১টা আৰু বন সেৱা প্ৰাৰ্থীসকলৰ বাবে প্ৰায় ১৫১টা পদ খালী আছে। যদিও বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰি এই সংখ্যা সলনি হ'ব পাৰে, প্ৰাৰ্থীসকলক সময়মতে আবেদন কৰিবলৈ আৰু আগন্তুক পৰীক্ষাৰ বাবে ভালদৰে প্ৰস্তুতি কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|