নেচনেল টেষ্টিং এজেন্সি চমুকৈ NTAয়ে যুটীয়া CSIR-UGC NET 2022-ৰ জুন অধিৱেশনৰ সম্পূৰ্ণ সময়সূচী প্ৰকাশ কৰিছে। এই সময়সূচী অনুসৰি আগন্তুক ১৬ ছেপ্টেম্বৰৰ পৰা ১৮ ছেপ্টেম্বৰৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত হ'ব। প্ৰাৰ্থীসকলে অধিক তথ্যৰ বাবে csirnet.nta.nic.in পৰীক্ষাৰ ৱেবছাইট দৰ্শন কৰিব পাৰে বা তলৰ সম্পূৰ্ণ সময়সূচী পৰীক্ষা কৰিব পাৰে।
"পৰীক্ষাৰ বাবে চিটি ইনফৰমেচন শ্লিপ আৰু এডমিট কাৰ্ড ক্ৰমান্বয়ে ১০ ছেপ্টেম্বৰৰ আৰু ১৩ ছেপ্টেম্বৰৰ ভিতৰত NTAৰ ৱেবছাইট csirnet.nta.nic.in ত প্ৰদৰ্শন কৰা হ'ব।"- NTAৰ তৰফৰ পৰা এইদৰে জনায়।
ইয়াৰোপৰি প্ৰাৰ্থীসকলে যিকোনো স্পষ্টীকৰণৰ বাবে NTAলৈ csirnet@nta.ac.in লিখিব পাৰে বা NTAৰ হেল্প ডেস্কৰ 011-40759000, 011-69227700 নম্বৰত ফোন কৰিব পাৰে।
CSIR UGC NET 2022ৰ সময়সূচী ১৬ ছেপ্টেম্বৰঃ Earth, Atmospheric, Ocean and Planetary Sciences; Physical Sciences (ৰাতিপুৱা ৯ বজাৰ পৰা দিনৰ ১২ বজালৈ)
১৬ ছেপ্টেম্বৰঃ Mathematical Sciences (আবেলি ৩ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ)
১৭ ছেপ্টেম্বৰঃ Life Sciences (দুয়োটা শ্বিফট)
১৮ ছেপ্টেম্বৰঃ Chemical Sciences (ৰাতিপুৱা ৯ বজাৰ পৰা দিনৰ ১২ বজালৈ)
উল্লেখ্য যে, CSIR UGC NET হৈছে বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ(Council of Scientific & Industrial Research) চমুকৈ CSIRৰ দ্বাৰা প্ৰদান কৰা জুনিয়ৰ ৰিচাৰ্চ ফেল'শ্বিপ(Junior Research Fellowships) আৰু লেকচাৰশ্বিপ( Lectureship)/সহকাৰী অধ্যাপক পদৰ বাবে যোগ্যতা নিৰ্ণায়ক পৰীক্ষা। এই পৰীক্ষাটো কম্পিউটাৰ আধাৰিত পৰীক্ষা(Computer Based Test) মাধ্যমত অনুষ্ঠিত হয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|