• Home
  • »
  • News
  • »
  • career
  • »
  • ক্ৰীড়াৰ প্ৰতি দুনিৰ্বাৰ আগ্ৰহ ৰখা দুগৰাকী পেৰা এথলীটৰ কাহিনী, চাওক BYJUS Young Genius Season 2ৰ নতুন এপিছ’ডত

ক্ৰীড়াৰ প্ৰতি দুনিৰ্বাৰ আগ্ৰহ ৰখা দুগৰাকী পেৰা এথলীটৰ কাহিনী, চাওক BYJUS Young Genius Season 2ৰ নতুন এপিছ’ডত

BYJUS Young Geniusৰ আজিৰ খণ্ডটোত সফল হোৱাৰ অদম্য মনোভাৱ আৰু দৃঢ়তাই হৈছে গোটেই ভিডিঅ'টোৰ আটাইতকৈ ডাঙৰ উপলব্ধি আৰু সৰ্বশ্ৰেষ্ঠ কাৰণ।

BYJUS Young Geniusৰ আজিৰ খণ্ডটোত সফল হোৱাৰ অদম্য মনোভাৱ আৰু দৃঢ়তাই হৈছে গোটেই ভিডিঅ'টোৰ আটাইতকৈ ডাঙৰ উপলব্ধি আৰু সৰ্বশ্ৰেষ্ঠ কাৰণ।

BYJUS Young Geniusৰ আজিৰ খণ্ডটোত সফল হোৱাৰ অদম্য মনোভাৱ আৰু দৃঢ়তাই হৈছে গোটেই ভিডিঅ'টোৰ আটাইতকৈ ডাঙৰ উপলব্ধি আৰু সৰ্বশ্ৰেষ্ঠ কাৰণ।

  • Share this:
সাধাৰণতে কোৱা হয় যে এগৰাকী খেলুৱৈয়ে লক্ষ্য এটাৰ ফালে ধাৱমান হওঁতে তেওঁলোকৰ আটাইবোৰ ইন্দ্ৰিয়ৰ যোগেদি সজাগ হোৱা প্ৰয়োজন। কিন্তু আটাইৰে তেনে সৌভাগ্য নাথাকে, কেতিয়াবা এনে দুৰ্ঘটনাও ঘটে, যাত কোনো সমাধান নাথাকে। 

আনহাতে, আজিৰ এই দুই যুৱ প্ৰতিভাই কেৱল তেওঁলোকৰ শাৰীৰিক প্ৰত্যাহ্বান অতিক্ৰম কৰাই নহয়, তেওঁলোকৰ দৃঢ়তা আৰু শক্তিশালী মনটোৰ সহায়ত সমবয়সীয়া বেছিভাগ কিশোৰকে নিজস্ব প্ৰদৰ্শনৰ দ্বাৰা পিছ পেলাবলৈ সক্ষম হৈছে। চিমৰণ শৰ্মা আৰু আব্দুল কাদিৰ ইন্দোৰীৰ প্ৰেৰণাদায়ক কাহিনী ইয়াত জানিবলৈ পাব।

চিমৰণ সিঙৰ অদম্য যাত্ৰা– 

চিমৰণ সিঙৰ বয়স মাত্ৰ 13 বছৰ, কিন্তু ইতিমধ্যে তেওঁৰ উচ্চাকাংক্ষাৰ জখলাত দোপতদোপে আগবাঢ়ি গৈছে। চিমৰণ হৈছে প্ৰকৃতিৰ অদম্য শক্তি, তেওঁ 9 বছৰ বয়সতে শ্বুটিঙত কেৰিয়াৰ আৰম্ভ কৰিছিল, সাঁতোৰত ব্ৰঞ্জ আৰু সোণৰ পদক জিকিছিল, শ্বিয়ামক দাভৰৰ দলৰ সৈতে নৃত্য কৰি স্বীকৃতি লাভ কৰিছিল, আৰু লগতে পিয়ানো আৰু উকুলেলেও ধুনীয়াকৈ বজাব জানে।

তেওঁৰ কৃতিত্বৰ লানি এই কথা পাহৰাবলৈ যথেষ্ট যে মাত্ৰ ন মাহ বয়সতে তেওঁ মেৰুদণ্ডৰ এটা ডাঙৰ অস্ত্ৰোপচাৰৰ সমুখীন হ’বলগীয়া হৈছিল। আনকি অস্ত্ৰোপচাৰৰ পাছত তেওঁ ডিঙিৰ তলৰছোৱা অংশৰ সংবেদন হেৰুৱাই পেলাইছিল। কিন্তু সবল যুঁজাৰু মনোভাৱৰ সৈতে যথেষ্ট ফিজিঅ'থেৰাপী, ৰিহেবিলিটেশ্যন আৰু ষ্টেম চেল চিকিৎসাৰ যোগেদি চিমৰণে কঁকালৰ ওপৰছোৱাৰ সংবেদন পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

স্কুলৰ কেম্পৰ সময়ত শ্বুটিং বাছনি কৰাৰ পাছৰে পৰাই চিমৰণে সকলোকে আশ্চৰ্যচকিত কৰা কাৰ্য অব্যাহত ৰাখিছে। তেওঁ S H-1 শ্ৰেণীৰ অধীনত 10 মিটাৰত তেওঁৰ প্ৰথম ৰাষ্ট্ৰীয় পেৰা শ্বুটিং চেম্পিয়নশ্বিপত (মাৰ্চ 2021) ব্ৰঞ্জৰ পদক জিকিছিল। তেওঁ  2021 চনত জ’নেল পেৰা শ্বুটিং প্ৰতিযোগিতাত 1 টা স্বৰ্ণ আৰু 2 টা ৰূপৰ পদক  আৰু পেৰুত অনুষ্ঠিত বিশ্ব শ্বুটিং পেৰা স্পোৰ্ট বিশ্বকাপ (জুন 2021) আৰু ছাৰ্বিয়াত অনুষ্ঠিত WSPS বিশ্বকাপত (জুলাই 2021) অংশগ্ৰহণ কৰিবলৈও নিৰ্বাচিত হৈছিল। অৱশ্যে কিছু বিত্তীয় সমস্যা আৰু ক'ভিড-19 পৰিস্থিতিৰ অনিশ্চয়তাৰ বাবে তেওঁ উপস্থিত থাকিব পৰা নাছিল। 

তথাপিও তেওঁৰ অনুৰাগীৰ দলৰ মাজত পেছাদাৰী ক্ৰীড়া শ্বুটাৰ অঞ্জলি ভাগৱত অন্যতম, যি কয় যে তেওঁ চিমৰণৰ শক্তি আৰু যাত্ৰাৰ দ্বাৰা অনুপ্ৰাণিত। কেৱল ভাগৱতেই নহয়, জুৰী সদস্য পুল্লেলা গোপীচান্দো চিমৰণৰ কৃতিত্বৰ ডাঙৰ অনুৰাগী, আৰু তেওঁৰ পৰৱৰ্তী লক্ষ্যৰ পৰা যথেষ্ট আশা ৰাখিছে – 2024 চনত পেৰিছ পেৰালিম্পিকত ভাৰতৰ হৈ সোণৰ পদক জয় কৰা। 

আব্দুল কাদিৰ ইন্দোৰীৰ সৈতে সাঁতোৰৰ যাত্ৰা – 

14 বছৰীয়া ৰটলাম নিবাসী আব্দুল ইন্দোৰীয়ে 2014 চনত বৈদ্যুতিক শ্বকৰ ফলত হোৱা দুৰ্ঘটনাত দুয়োখন হাত হেৰুৱাইছিল। এবছৰ পাছাতে তেওঁ সাঁতোৰ শিকিবলৈ লয় আৰু তিনিমাহৰ ভিতৰতে তেওঁৰ প্ৰথম পদক জিকে- 2015 চনত বেলগামত অনুষ্ঠিত তেওঁৰ প্ৰথম ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ চেম্পিয়নশ্বিপত স্বৰ্ণ আৰু ৰূপৰ পদক লাভ কৰে। 

তেতিয়াৰে পৰা তেওঁ ৰাষ্ট্ৰীয় পেৰা চুইমিং চেম্পিয়নশ্বিপত 2016 আৰু 2017 চনত 2 টা কৈ স্বৰ্ণ আৰু 1 টা ৰূপৰ পদক জিকিছে। যোৱা বছৰ, তেওঁ বাংগালোৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পেৰা চুইমিং চেম্পিয়নশ্বিপত তিনিটা শৈলীৰ সাঁতোৰৰ বাবে 3 টা সোণৰ পদক জিকিছিল যিটোত তেওঁৰ নিপুণ আছিল। 

আব্দুলৰ দুষ্টালিও এই খণ্ডটোত ধুনীয়াকৈ প্ৰদৰ্শিত হৈছে, আৰু তেওঁৰ খুড়ী আৰু ভনীয়েকে তেওঁৰ সকলো দুষ্টালিৰ বিষয়ে জনায়, যিটো সম্ভৱতঃ এই খণ্ডটোৰ আটাইতকৈ সুখী আৰু পৰিপূৰ্ণ মুহূৰ্ত। তেওঁ লগতে জুৰী সদস্য গোপীচান্দৰ সৈতে দৰ্শকসকলক এৰি যাওঁতে কথা দিয়ে যে অনাগত সময়ত ভাৰতৰ হৈ পেৰা অলিম্পিক স্বৰ্ণ পদক জয় কৰাৰ লক্ষ্য তেওঁৰ দৃষ্টিত নিবদ্ধ। 

যদিও এনে যুৱ প্ৰতিভাৰ প্ৰদৰ্শন দেখিলে আমি আনন্দিত হওঁ; চিমৰণ আৰু আব্দুলৰ দৰে প্ৰতিভাই সঁচাকৈয়ে  আশ্চৰ্যজনক উৎকৃষ্টতা প্ৰদৰ্শন কৰি এক বেলেগ ধৰণৰ অনুভৱ প্ৰদান কৰে। ই আমাক আমাৰ শৰীৰটোৱে দিয়া সুবিধাৰ বিষয়ে বিবেচনা কৰিবলৈ আৰু কিবা এটা কৰিবলৈ অনুপ্ৰাণিত হ’বলৈ বাধ্য কৰে। 

BYJUS Young Geniusৰ আজিৰ খণ্ডটোত সফল হোৱাৰ অদম্য মনোভাৱ আৰু দৃঢ়তাই হৈছে গোটেই ভিডিঅ'টোৰ আটাইতকৈ ডাঙৰ উপলব্ধি আৰু সৰ্বশ্ৰেষ্ঠ কাৰণ। আমি আপোনাক #BYJUSYoungGeniusSeason2 অহা সপ্তাহৰ খণ্ডটোত লগ নোপোৱালৈকে এই প্ৰতিভাদ্বয়ীৰ বিষয়ে নিশ্চয় খণ্ডটো উপভোগ কৰিব পাৰে।
Published by:Gautam Barman
First published: