অসম আৰক্ষীৰ ইণ্টাৰভিউ আৰু বাছনি পৰীক্ষা স্বচ্ছ আৰু নিকাভাবে অনুষ্ঠিত কৰিবলৈ অসম চৰকাৰলৈ আহ্বান প্ৰশিক্ষণ লাভ কৰা নিবনুৱা যুৱক-যুৱতীৰ।
অসম আৰক্ষীৰ ইণ্টাৰভিউ আৰু বাছনি পৰীক্ষা স্বচ্ছ আৰু নিকাভাবে অনুষ্ঠিত কৰিবলৈ অসম চৰকাৰলৈ আহ্বান প্ৰশিক্ষণ লাভ কৰা নিবনুৱা যুৱক-যুৱতীৰ।
মঙ্গলদৈ নেহৰু ময়দানত দৈনিক চলিছে আৰক্ষী, সামৰিক বাহিনীত মকৰলৰ সুবিধাৰ্থে অনুশীলন। মঙ্গলদৈৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যুৱক-যুৱতীসকলে পুৱা ৫ বজাৰ পৰা দৈনিক চলাই গৈছে অনুশীলন। মঙ্গলদৈৰ লগতে নিকটৱৰ্তী অঞ্চলৰ প্ৰায় ৪০খন গাঁৱৰ যুৱক–যুৱতীয়ে এইদৰে নিতৌ অনুশীলন চলাই গৈছে।
এই সকল যুৱক যুৱতীৰ সুবিধাৰ্থে 'চপাই যুৱ কল্যাণ কেন্দ্ৰ'ৰ উদ্যোগত বিশেষ প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে। সামৰিক, অৰ্ধসামৰিক, আৰক্ষী বিভাগকে ধৰি বিভিন্ন বিভাগত খালী থকা পদত যাতে মঙলদৈ আৰু ইয়াৰ আশে পাশে থকা নিবনুৱা যুৱক যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হয় তাৰ প্ৰতি লক্ষ্য ৰাখি' চপাই যুৱ কল্যাণ কেন্দ্ৰ'ৰ উদ্যোগত অনুষ্ঠিত হয় ১৩ দিনীয়া প্ৰশিক্ষণ শিবিৰ। য'ত প্ৰায় তিনি শতাধিক যুৱক–যুৱতীয়ে অংশগ্ৰহণ কৰে।
নিতৌ পুৱা ৫ বজাৰ পৰা আৰম্ভ হোৱা এই প্ৰশিক্ষণ শিবিৰত যুৱক–যুৱতীৰ শাৰিৰীক সক্ষমতা বৃদ্ধি, দৌৰা, জপিওৱাৰ কৌশল শিকোৱাৰ লগতে লিখিত পৰীক্ষাৰ বিষয়েও জ্ঞান প্ৰদান কৰা হয়। প্ৰশিক্ষণ লাভ কৰি যুৱক যুৱতী সকলৰ মন্তব্য, "আমি আমাৰ লক্ষ্যত সফল হ'বৰ বাবে যথেষ্ট কষ্ট কৰি দৈনিক অনুশীলন কৰি আছোঁ। অসম চৰকাৰলৈ অনুৰোধ যাতে ১ ছেপ্টেম্বৰৰ পৰা হ'ব লগা অসম আৰক্ষীৰ ইণ্টাৰভিউ, বাছনি পৰীক্ষাত স্বচ্ছ আৰু নিকা ভাবে কৰে। যাতে আমাৰ দৰে কষ্ট কৰা যুৱক–যুৱতীসকলে সংস্থাপন পাব পাৰে।"
আৰক্ষী, সামৰিক বাহিনীত মকৰলৰ সুবিধাৰ্থে চপাইত হোৱা প্ৰশিক্ষণ শিবিৰ সামৰণি অনুষ্ঠানত আগধৰি সাংবাদিক গণেশ দত্তই কয় "কষ্টৰ ফল যাতে যুৱক–যুৱতীসকলে পায়, নিকা ভাবে যাতে পৰীক্ষা সমূহ অনুষ্ঠিত হয়। লগতে অসম চৰকাৰ লৈ অনুৰোধ স্থানীয় যুৱক যুৱতী সকলৰ সুবিধাৰ বাবে চপাই নেহৰু ময়দান খন ষ্টেডিয়ামলৈ উন্নীত কৰে যাতে এই ষ্টেডিয়ামখন এই ধৰণৰ প্ৰশিক্ষণৰ বাবে সুবিধা জনক হয়।"
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|